অসম

assam

ETV Bharat / state

বিনিময় প্ৰথাৰে ঐতিহ্য ৰক্ষা জোনবিলত - মৰিগাঁৱৰ জোনবিল মেলা

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জোনবিল মেলাত দ্বিতীয় দিনা পুৱাতেই অনুষ্ঠিত হয় পূৰ্বৰ পৰা চলি অহা পৰম্পৰা অনুসৰি বিনিময় প্ৰথা ৷ এই প্ৰথাৰ শুভাৰম্ভণী কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

বিনিময় প্ৰথাৰে ঐতিহ্য ৰক্ষা জোনবিলত
বিনিময় প্ৰথাৰে ঐতিহ্য ৰক্ষা জোনবিলত

By

Published : Jan 17, 2020, 5:04 PM IST

মৰিগাঁও,17 জানুৱাৰী :1 মাঘৰ পৰা মৰিগাঁৱৰ জোনবিলৰ পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা ৷ পাহাৰ-ভৈয়ামৰ লোকসকলৰ মিলনৰ উৎসৱ হিচাপে গোভাৰজাৰ শাসনকালৰ পৰাই চলি আহিছে এই মেলা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জোনবিল মেলাত দ্বিতীয় দিনা পুৱাতেই অনুষ্ঠিত হয় পূৰ্বৰ পৰা চলি অহা পৰম্পৰা অনুসৰি বিনিময় প্ৰথা ৷ এই প্ৰথাৰ শুভাৰম্ভণী কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ পাহাৰৰ পৰা অহা লোকসকলে পাহাৰত উৎপাদিত আলু,কচু,কোমোৰা,হালধি,জালুক আদি হোৰাত ভৰাই লৈ আহে মেলালৈ ৷ একেদৰে ভৈয়ামৰ লোকে প্ৰস্তুত কৰা চিৰা,পিঠা, লাড়ু,শুকান মাছ আদিৰ সৈতে পাহাৰৰ মামা-মামীয়ে বিনিময় কৰে আলু কচু আদি ৷

বিনিময় প্ৰথাৰে ঐতিহ্য ৰক্ষা জোনবিলত

ইয়াৰ লগতে জোনবিল মেলাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে এক বাণিজ্যিক ক্ষেত্ৰও ৷ বিভিন্ন ধৰণৰ বয়ন শিল্প,কুটীৰ শিল্পৰ দ্বাৰা গঢ়ি উঠিছে এই বাণিজ্য ৷ অসমৰ শিপিনীয়ে শালত বৈ উলিওৱা বিভিন্ন ধৰণৰ চাদৰ মেখেলা,গামোচা,জনগোষ্ঠীয় সাজ-পাৰৰ উপৰিও বাঁহ-বেত-কাঠৰ আচ-বাব আদি বিক্ৰী হোৱা পৰিলক্ষিত হয় ৷

ইয়াৰোপৰি তিৱাশা সকলৰ লগতে পাহাৰৰ পৰা অহা জনগোষ্ঠীয় লোকসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে মেলাস্থলীত ৷ জনগোষ্ঠীয় কৃষ্টি- সংস্কৃতিৰে মুখৰিত হৈ পৰিছে ঐতিহাসিক গোভাৰাজ্যৰ মূল ভূমি মৰিগাঁও ৷

লগতে চাওকঃঅৱশেষত পাকিস্তানৰ জেলৰ পৰা উভতিল মেৰাপানীৰ সীমান্ত শইকীয়া

ABOUT THE AUTHOR

...view details