অসম

assam

ETV Bharat / state

জাগীৰোডত এনৰেগা আচঁনিৰ নামত দুৰ্নীতি আৰু অনিয়ম - JOB CARD SCAM JAGIROAD

এনৰেগা আচঁনিৰ নামত পুনৰ ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ ৷ জবকাৰ্ড হিতাধিকাৰীৰ ধন আত্মসাতৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৷

জাগীৰোডত এনৰেগা আচঁনিৰ নামত দূৰ্নীতি আৰু অনিয়ম

By

Published : Sep 13, 2019, 8:48 PM IST

মৰিগাঁও, 13 চেপ্তেম্বৰঃ এনৰেগা আচঁনিৰ নামত পুনৰ ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ৷ জবকাৰ্ড হিতাধিকাৰীৰ ধন আত্মসাতৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে৷ জাগীৰোড সমষ্টিৰ অন্তৰ্গত গাগলমাৰী-আশীগড় গাওঁ পঞ্চায়তত এনৰেগা আচঁনিত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনৰ অন্তৰ্গত বালিমূখ অঞ্চলৰ এটা পথ ২০১৭-২০১৮ বিত্তীয় বৰ্ষত এনৰেগা আচঁনিৰ নামত আবন্টন দিয়া হৈছিল ১০ লাখ টকা৷ পথটো নিৰ্মান হ’ল ঠিকেই, কিন্তু আচঁনিখনৰ জবকাৰ্ড হিতাধিকাৰী সকলে নাপালে আজিকোপতি তেওঁলোকৰ মজুৰিৰ ধন৷ পঞ্চায়ত সভাপতি, অভিযন্তা আদিয়ে মিলি আঁচনিৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জবকাৰ্ড হিতাধিকাৰী সকলে৷ অৱশেষত উপায়ান্তৰ হৈ জবকাৰ্ড হিতাধিকাৰী সকলে পঞ্চায়ত সভাপতি মুকলেছ আলী, অভিযন্তা চফিকুল আনচাৰীকে আদি কৰি পাঁচ গৰাকী পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে মৰিগাওঁ ফৌজদাৰী আদালতত এক গোচৰ ৰুজু কৰে৷

জাগীৰোডত এনৰেগা আচঁনিৰ নামত দূৰ্নীতি আৰু অনিয়ম

For All Latest Updates

ABOUT THE AUTHOR

...view details