অসম

assam

ETV Bharat / state

জাগীৰোড পশু চিকিৎসালয়ত নাথাকে চিকিৎসক

জাগীৰোড পশু চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজৰ , চিকিৎসালয়খনত উপস্থিত নাথাকে কোনো এজন চিকিৎসক

By

Published : Apr 26, 2019, 1:07 PM IST

জাগীৰোড পশু চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ

জাগীৰোড,২৬ এপ্ৰিল : জাগীৰোডৰ পশু চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজৰ । দীৰ্ঘদিন ধৰি অঞ্চলটোত পশুধনৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাক কেন্দ্ৰ কৰি পশুধনৰ গৰাকীসকলে জাগীৰোডৰ পশু চিকিৎসালয়ৰ সহায়ৰ বাবে ওচৰ চাপে যদিও কোনো সঁহাৰি নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । পশুধনৰ গৰাকীৰ মত অনুসৰি চিকিৎসালয়খনত উপস্থিত নাথাকে কোনো এজন চিকিৎসক । ইফালে চিকিৎসাৰ বাবে চিকিৎসকলক ফোন কৰি মাতিলেও কামৰ অজুহাত দেখুৱাই ফাৰ্মাচিৰ পৰা ক্ৰয় কৰিবলৈ কয় ঔষধ । যাৰ বাবে চিকিৎসাৰ অভাৱত বৃদ্ধি পাবলৈ লৈছে অঞ্চলটোত পশুধনৰ মৃত্যুৰ সংখ্যা ।

জাগীৰোড পশু চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ

ABOUT THE AUTHOR

...view details