মৰিগাঁও,৩ মাৰ্চ: মৰিগাঁও-জাগীৰোড সংযোগী পথৰ জাগীৰোড ৰে'লৱে ষ্টেচনৰ ওপৰত বৰ্তমানো নহ'ল এখন অভাৰ ব্ৰীজ । যাৰ ফলত ঘণ্টা ঘণ্টা ধৰি আবদ্ধ জাগীৰোড মৰিগাঁও পথৰ যাত্ৰী ।বছৰ বছৰ ধৰি ৰে'লৱে এখন অভাৰব্ৰীজৰ অভাৱত হাহাকাৰৰ সন্মুখীন হৈছে মৰিগাঁৱৰ ৰাইজ ।
এটা ৰে'লৱে ক্ৰচিঙে জ্বলা কলা খুৱাইছে জাগীৰোডবাসীক - ৰে'লৱে ক্ৰচিঙ
বিভাগীয় বিষয়াৰ হেমাহীৰ অভিযোগ ভুক্তভুগি ৰাইজৰ
উল্লেখ্য যে উজনীমুৱা যিকোনো ৰে'ল আহিলেই আবদ্ধ হ'বলগীয়া হয় সাধাৰণ জনতা, স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু সংকটজনক ৰোগী । ফলত দৈনিক জাগীৰোড মৰিগাঁও এই ৰেলৱে ক্ৰচিঙে নানা সমস্যাৰ সৃষ্টি কৰি আহিছে । পৰিতাপৰ বিষয় য়ে স্বয়ং ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইৰ নিজা সংসদীয় সমষ্টিৰ তথা জাগীৰোড বিধান সভা সমষ্টিৰ এই ৰেলৱে ক্ৰচিঙৰ পৰা উদ্ভৱ হোৱা নানা সমস্যাৰ বিষয়ে বহু সময়ত বিভাগীয় বিষয়াক অৱগত কৰা হৈছিল যদিও এই পৰ্যন্ত কোনো সুফল পোৱা নাই অঞ্চলবাসী ৰাইজে । ফলস্বৰূপে এনেদৰেই প্ৰতিদিনে এখন ৰে'ল আহিলেই জাগীৰোড ৰে'লৱে ক্ৰচিঙত আবদ্ধ হয় শ শ লোক ।