জাগীৰোডত আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী - ড্ৰাগছ ব্যৱসায়ী আজাৰ আলী
মৰিগাঁও জিলাৰ জাগীৰোডত গঢ় লৈ উঠিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা, জাগীৰোডৰ শিলভঙাৰ অঞ্চলত আৰক্ষীয়ে অভিযান চলাই আটক কৰে আজাৰ আলী নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক
![জাগীৰোডত আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4197959-thumbnail-3x2-huihjnokjmkomj---copy.jpg)
জাগীৰোডত আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী
মৰিগাঁও, 21 আগষ্টঃ মৰিগাঁও জিলাৰ জাগীৰোডত গঢ় লৈ উঠিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ড্ৰাগছ ব্যৱসায়ীৰ বাবে এতিয়া সুগম স্থলীত পৰিণত হৈছে পাহাৰীয়া অঞ্চলৰ একাংশ জুপুৰি ৷ বুধবাৰে জাগীৰোডৰ শিলভঙাৰ অঞ্চলত আৰক্ষীয়ে অভিযান চলাই আটক কৰে আজাৰ আলী নামৰ এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী । আটকাধীন ড্ৰাগছ ব্যৱসায়ীজনক লগত লৈ আৰক্ষীয়ে অঞ্চলটোৰ বিভিন্ন ঘৰ আৰু জুপুৰিত আৰক্ষীয়ে তালাচী চলাই যদিও নিচা জাতীয় কোনো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
জাগীৰোডত আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী