জাগীৰোড, 21 জুনঃ এন আৰ চিৰ নামত একাংশ লোকে ভুৱা নথি-প্ৰত্ৰ প্ৰদান কৰা বুলি ভিন্ন সময়ত অভিযোগ উত্থাপন উঠি আহিছে ৷ এই অভিযোগ সমূহক সত্য প্ৰমাণিত কৰি ভুৱা নথি প্ৰত্ৰ যোগান ধৰা এজন লোকক হাতে লোটে ধৰা পেলাই জাগীৰোড আৰক্ষীয়ে ৷
মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ পৰা মফিদুল ইছলাম নামৰ লোকজনক আটক কৰে জাগীৰোড আৰক্ষীয়ে ৷ লগতে লোকজনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা বহু জাল নথিপত্ৰ আৰু চীল-মোহৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ১৯ খন ভুৱা পান কাৰ্ড, ১০ খন ভোটাৰ কাৰ্ড,৫০ খন মবাইল চিম কাৰ্ড,১৭ খন এটিএম কাৰ্ড,৭১ খন পান কাৰ্ডৰ প্ৰ-পত্ৰ, ৭ খন জন্মৰ প্ৰমাণ পত্ৰ, CSP (গ্ৰহক সেৱা কেন্দ্ৰ ) , স্বাৱলম্বী গোট আৰু মৰিগাঁও জিলা ন্যায়াধীশৰ চীল-মোহৰ সহ এটা লেপটপ জব্দ কৰিবলৈ সক্ষম হয় জাগীৰোড আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত মফিদুল ইছলামক জেৰা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷