অসম

assam

ETV Bharat / state

ঐক্যবদ্ধ হ'ল নগাঁও কাগজ নিগম কৰ্মী ইউনিয়ন আৰু কাছাৰ প্ৰজেক্ট ৱৰ্কাৰ ইউনিয়ন

জাগীৰোডৰ কাগজ কল আৰু পাঁচগ্ৰাম কাগজ কল দুটাত শীঘ্ৰেই নেশ্যনেল কোম্পানী ল এপিলেট ট্ৰিবুনেলে শেহতীয়াকৈ দিয়া নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনাইছে কল দুটাৰ কৰ্মচাৰীসকলে ।

নগাঁও কাগজ নিগম কৰ্মী ইউনিয়ন আৰু কাছাৰ প্ৰজেক্ট ৱৰ্কাৰ ইউনিয়ন

By

Published : May 31, 2019, 7:04 PM IST

মৰিগাঁও,৩১ মে': নগাঁও কাগজ কলত সংঘবদ্ধ হৈছে কল দুটাৰ শক্তিশালী ইউনিয়ন নগাঁও কাগজ নিগম কৰ্মী ইউনিয়ন আৰু কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰ্কাৰ ইউনিয়ন। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা জাগীৰোডৰ নগাঁও কাগজ কল আৰু কাছাৰৰ পাঁচগ্ৰাম কাগজ কল দুটা সন্দৰ্ভত নেশ্যনেল কোম্পানী ল' এপিলেট ট্ৰিবুনেলে শেহতীয়াকৈ দিয়া নিৰ্দেশ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী কৰিছে কল দুটাৰ কৰ্মচাৰী সকলে ।

নগাঁও কাগজ নিগম কৰ্মী ইউনিয়ন আৰু কাছাৰ প্ৰজেক্ট ৱৰ্কাৰ ইউনিয়ন

অৰ্থাৎ NCLATৰ নিৰ্দেশ অনুসৰি বন্ধ হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক দাবী কৰিছে ভুক্তভোগী কৰ্মচাৰী সকলে। এই সন্দৰ্ভত শুকুৰবাৰে নগাঁও কাগজ কলত সংঘবদ্ধ হৈছে কল দুটাৰ শক্তিশালী ইউনিয়ন নগাঁও কাগজ নিগম কৰ্মী ইউনিয়ন আৰু কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰ্কাৰ ইউনিয়ন। ইউনিয়নৰ বিষয়ববীয়া সকলে বৃহৎ কাগজ উদ্যোগ দুটাক কোনোপধ্যে ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিব নোৱাৰিব বুলিও চৰকাৰী পক্ষক সতৰ্ক কৰি দিছে কৰ্মচাৰীসকলে। উল্লেখযোগ্য যে যোৱা ২৯ মে'ত NCLATয়ে এক লিখিত আবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে কাগজ কল দুটা কোনোপধ্যে বন্ধ কৰিব নোৱাৰি বুলি এক গুৰুত্বপূৰ্ণ ৰায় দিছিল । লগতে কলদুটাৰ বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত নকৰিবলৈকো নিৰ্দেশ দিছিল এন চি এল এ টিয়ে।

ABOUT THE AUTHOR

...view details