ইটালীৰ পৰা চাইকেল চলাই মৰিগাঁও পালেহি এহাল দম্পতিয়ে - মৰিগাঁও
মৰিগাঁৱত চাইকেলিষ্ট ইটালীয়ান দম্পতি মাৰ্কো আৰু মাৰ্লী ৷ প্ৰখৰ ৰ'দ আৰু উত্তাপকো নেওচি চাইকেল চলাই ইটালীৰ পৰা অসমত উপস্থিত হয় দম্পতি৷
![ইটালীৰ পৰা চাইকেল চলাই মৰিগাঁও পালেহি এহাল দম্পতিয়ে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4129542-thumbnail-3x2-ita.jpg)
মৰিগাঁও,14আগষ্ট : সাত সাগৰ তেৰ নদী সিপাৰৰ পৰা অসমত আহি উপস্থিত হ'ল ইউৰোপ মহাদেশৰ ইটালীৰ দম্পতি মাৰ্কো আৰু মাৰ্লী ৷ চাইকেল চলাই সুদূৰ ইটালীৰ পৰা আহি মৰিগাঁৱত উপস্থিত হয় দুয়োগৰাকী ৷ ইটালীৰ '421 Adventure' নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে এনেদৰে চাইকেল চলাই ঠাই পৰিভ্ৰমণ কৰি একতা আৰু মৈত্ৰীৰে বিশ্ববাসীক একত্ৰিত কৰাৰ লগতে দৰিদ্ৰসকলক সহায় আগবঢ়াই আহিছে দম্পতিয়ে ৷ প্ৰায় এবছৰ ধৰি চাইকেলেৰে পৰিভ্ৰমণ কৰি অসমৰ মৰিগাঁৱত পদাৰ্পন কৰে মাৰ্কো আৰু মাৰ্লীয়ে ৷ দুয়ো মৰিগাঁও আৰক্ষী থানাত উপস্থিত হৈ ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ত কয়, মৰিগাঁৱৰ পাছত তেওঁলোক ডিমাপুৰ ,মণিপুৰ আৰু ম্যানমাৰ হৈ আগবাঢ়িব চিংগাপুৰলৈ ৷