অসম

assam

ETV Bharat / state

সপত্নীক পবিতৰা ভ্ৰমণ ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ

ইজৰাইলৰ ৰাষ্ট্ৰদূত ড৹ ৰন মালকাই পত্নীৰ সৈতে উপভোগ কৰিলে পবিতৰা অভয়াৰণ্যৰ নৈসৰ্গিক দৃশ্য ৷

পপত্নীক পবিতৰা ভ্ৰমণ ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ
পপত্নীক পবিতৰা ভ্ৰমণ ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ

By

Published : Nov 4, 2020, 8:45 AM IST

মৰিগাঁও, 4 নৱেম্বৰ :সপত্নীক লগত লৈ পবিতৰা অভয়াৰণ্যত উপস্থিত হয় ইজৰাইলৰ ৰাষ্ট্ৰদূত ড৹ ৰ'ণ মালকা । জীপ চাফাৰীৰে দৰ্শন কৰিলে এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ নৈসৰ্গিক দৃশ্য । পবিতৰাৰ গড়, মহ আৰু বন গাহৰি লগতে নৈসৰ্গিক দৃশ্য দেখি আপ্লুত হয় দুয়ো ।

জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰেঞ্জাৰৰ সৈতে ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকী

ইজৰাইলৰ ৰাষ্ট্ৰদূত আৰু তেওঁৰ পৰিয়ালক এই ভ্ৰমণকালত সংগ দিয়ে জিলা উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলা আৰু ৰেঞ্জাৰ মুকুল তামুলীয়ে । দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়াৰ প্ৰাকক্ষণত ইজৰাইলৰ ৰাষ্ট্ৰদূতজনৰ ভ্ৰমণে পবিতৰাক এক অন্যন্য মাত্ৰা দিব বুলি ধাৰণা কৰা হৈছে ।

ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ পবিতৰা ভ্ৰমণ

ইয়াৰ পূৰ্বে 2 নৱেম্বৰত ইজৰাইলৰ ভাৰতস্থ ৰাষ্ট্ৰদূত ড৹ ৰ'ণ মালকাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ষেত্ৰীত স্থাপন হ'বলগীয়া ভাৰত-ইজৰাইল বিশেষ কৃষি কেন্দ্ৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল । প্ৰায় 10.03 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া শাক পাচলিৰ উৎকৰ্ষ সাধন কেন্দ্ৰটোৱে ৰাজ্যৰ কৃষকসকলৰ লগতে দুয়োখন দেশৰ মাজৰ অত্যাধুনিক কৃষি প্ৰযুক্তিৰ বিষয়ে আদান-প্ৰদান কৰাৰ লগতে অসমৰ কৃষিক এক আন্তৰ্জাতিক প্ৰেক্ষাপট প্ৰদান কৰিবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক :Covid-১৯ ৰ চিকিৎসাৰ এণ্টিবডীৰ ক্ষেত্ৰত সফল হৈছোঁ, প্ৰতিষেধকৰ ক্ষেত্ৰত নহয় : ইজৰাইলী ৰাষ্ট্ৰদূত

ABOUT THE AUTHOR

...view details