অসম

assam

By

Published : Aug 11, 2020, 10:18 PM IST

ETV Bharat / state

মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত ইচমাৰা বেগম

মঙলবাৰে মৰিগাঁও জিলা পৰিষদত অনুষ্ঠিত হোৱা হোৱাৰ সাধাৰণ সভা তথা ভোটদানৰ অন্তত ৮ টা ভোট লাভ কৰি সভানেত্ৰীৰ পদত অধিষ্ঠিত হয় ইচমাৰা বেগম ।

Ismara Begum selected For Morigaon zpc president
মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত ইচমাৰা বেগম

মৰিগাঁও, 11 আগষ্টঃ পুনৰ কংগ্ৰেছৰ দখললৈ আহে মৰিগাঁও জিলা পৰিষদ । জিলা পৰিষদৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত হয় ইচমাৰা বেগম ৷ বেগমক উষ্ম আদৰণী জনাই দলীয় কৰ্মী সকলে ।

উল্লেখ্য যে, মৰিগাঁও জিলা পৰিষদত বিগত কেইবামাহ ধৰি অনাস্থা প্ৰস্তাৱক লৈ অস্থিৰ হৈ পৰিছিল জিলা পৰিষদখন । মহিলাৰ বাবে সংৰক্ষিত সভানেত্ৰীৰ আসনখনৰ বাবে কংগ্ৰেছৰ আঠ টা ভোট লাভ কৰি সভানেত্ৰী ৰূপে অধিষ্ঠিত হৈছিল মৰিগাঁৱৰ কুশতলী জিলা পৰিষদৰ সদস্যা মজবুন নাহাৰ । ইফালে সভানেত্ৰী আসনত বহাৰ পাছৰে পৰা স্বেচ্চাচাৰিতাৰে সকলো কাম কৰা বুলি অভিযোগ তোলে দলৰেই সদস্য সকলে ৷ তাৰ পিছত অনস্থা প্ৰস্তাৱযোগে কাৰ্যৰ পৰা বিৰত ৰাখে ।

মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত ইচমাৰা বেগম

আনহাতে সভানেত্ৰী চকীখনৰ লোভ সামৰিব নোৱাৰি গেৰুৱা বাহিনীত যোগদান কৰিছিল মজবুন নাহাৰে । মনকৰিব লগীয়া যে, মঙলবাৰে মৰিগাঁও জিলা পৰিষদত অনুষ্ঠিত হোৱা সাধাৰণ সভা তথা ভোটদান প্ৰক্ৰিয়াত বিজেপি দলৰ সভানেত্ৰী পদৰ প্ৰাৰ্থী প্ৰেমাক্ষী দাসে ৫ টা আৰু কংগ্ৰেছ দল তথা লাহৰীঘাট জিলা পৰিষদৰ সদস্যা ইচমাৰা বেগমে ৮ টা ভোট লাভ কৰি সভানেত্ৰীৰ পদত অধিষ্ঠিত হয় ।

উল্লেখযোগ্য যে, পুনৰ জিলা পৰিষদখন কংগ্ৰেছৰ দখলত অহাৰ বাবে মঙলবাৰে কংগ্ৰেছ কৰ্মীসকলে আনন্দ প্ৰকাশ কৰে ৷ ইফালে মৰিগাঁও জিলা কংগ্ৰেছৰ দলীয় সভাত অংশগ্ৰহণ কৰে নৱ নিৰ্বাচিত সভানেত্ৰী ইচমাৰা বেগমে । সভাত উপস্থিত হৈ পৰিষদ খনৰ সকলো সদস্যকে ভোট দি জয়য়ুক্ত কৰাৰ বাবে ধন্যবাদ তথা কৃতজ্ঞতা জনাইছে ৷ লগতে আগন্তুক দিনত জিলা খনৰ উন্নয়ণৰ বাবে সকলো সদস্যক সহাই সহযোগিতা কৰিবলৈ আহ্বান জনাইছে নৱ নিৰ্বাচিত সভানেত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক-কলিয়াবৰত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-19ৰ সংক্ৰমণ

ABOUT THE AUTHOR

...view details