মৰিগাঁও,২২ নৱেম্বৰ :অসমৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী (Lachit Divas preparation)। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ আয়োজন কৰা হৈছে । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো জিলা ক্ৰীড়াসন্থাৰ সহযোগত আৰু জিলা পৰিষদ, গাঁও পঞ্চায়তসমূহে সোমবাৰে পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে (Indigenous sports competition in Morigaon)।
কপিলী উন্নয়ন খণ্ডৰ তথা বাৰপূজীয়াৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত এই পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা উদ্বোধন কৰে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত ক্ষিতীশ চন্দ্ৰ পেগুয়ে । কপিলী উন্নয়ন খণ্ডৰ আঠটাকৈ গাঁও পঞ্চায়তৰ বহু পুৰুষ-মহিলাই এই থলুৱা খেল-ধেমালি প্ৰতিযোগিতাত অংশ লয় । প্ৰতিযোগিতা উদ্বোধন কৰি ভাষণ প্ৰসংগত ভাৰপ্ৰাপ্ত উপায়ুক্তগৰাকীয়ে কয় যে "হয় গুডু" আৰু "দাড়িয়া" খেলে যাতে অলিম্পিক সন্থাৰ স্বীকৃতি লাভ কৰে ইয়াৰ বাবে অসম চৰকাৰে উদ্যোগত ল'ব বুলিও মন্তব্য কৰে ।
খেল-ধেমালি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে মৰিগাঁও জিলা ক্ৰীড়াসন্থাৰ সম্পাদক জিতু বৰদলৈকে ধৰি ক্ৰীড়াসন্থাৰ কেইবাগৰাকীও ক্ৰীড়া সংগঠক ।