মৰিগাঁও,১৫ আগষ্ট:দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ মৰিগাঁৱতো উলহ-মালহৰে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন । ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰ, তিৱা স্বায়ত্ত পৰিষদ, জিলা মিডিয়া ক্লাৱ মৰিগাঁও, মৰিগাঁও জাতীয় বিদ্যালয় আদিত পৰম্পৰাগত সাজ পৰিধান কৰি উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা ।
ইয়াৰ অংশ ৰূপে তিৱা স্বায়ত্তশাসিত পৰিষদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । পতাকা উত্তোলন কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ বীৰংগণাক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ তাৎপৰ্য বাখ্যা কৰে ।আনহাতে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস । মৰিগাঁও জিলা আয়ুক্তই পতাকা উত্তোলন কৰি দিয়া ভাষণত ১৯৪২ স্বাধীনতা আন্দোলনত আত্মবলিদান দিয়া বীৰ বীৰংগণাসকলক সোঁৰৱণ কৰি দেশ মাতৃৰ নামত নিজৰ প্ৰাণ বিসৰ্জন দিয়াসকল সকলোৰে বাবে আদৰ্শ হোৱা উচিত বুলি মন্তব্য আগবঢ়াই ।