অসম

assam

By

Published : Jun 14, 2020, 11:59 PM IST

ETV Bharat / state

অধিকসংখ্যক শিক্ষাৰ্থীৰ লেটাৰ মাৰ্কৰ বাবে শিক্ষকক প্ৰদান প্ৰেৰণা বঁটা

মৰিগাঁৱৰ এখন বিদ্যালয়ৰ অভিনৱ প্ৰচেষ্টা ৷ শিক্ষাৰ্থীৰ সফলতাৰ বাবে শিক্ষকক প্ৰদান প্ৰেৰণা বঁটা ৷

বিজ্ঞান বিষয়ৰ শিক্ষক হবিব আলম, মৰিগাঁও জিলাৰ মুহিলা হোম মডেল বিদ্যালয়, দেৱযানী বৰা শিক্ষক প্ৰেৰণা বঁটা
শিক্ষাৰ্থীৰ সফলতাৰ বাবে শিক্ষকক প্ৰদান প্ৰেৰণা বঁটা

মৰিগাঁও, 14 জুন :ৰাজ্যত শিক্ষাৰ্থীক সন্মানিত কৰাৰ বাতৰি সততেই পৰিৱেশন হয় যদিও এইবাৰ শিক্ষাৰ্থীৰ পৰিৱৰ্তে শিক্ষকক সন্মানিত কৰাৰ খবৰ আহিছে ৷ শিক্ষাৰ্থীৰ সফলতাৰ বাবে শিক্ষকক সন্মানিত কৰাৰ ঘটনা ৰাজ্যৰ ভিতৰতে এয়াই প্ৰথম ৷ মৰিগাঁও জিলাৰ মুহিলা হোম মডেল বিদ্যালয়ে গ্ৰহণ কৰিলে এই বিশেষ পদক্ষেপ ৷

দৰাচলতে বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি বিষয়ৰ শিক্ষাৰ্থীয়ে সেইটো বিষয়ত অধিকসংখ্যক লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হ'ব, সেই বিষয়টোৰ শিক্ষকগৰাকীক সন্মানিত কৰা হ'ব বুলি ঘোষণা কৰিছিল ৷ বিদ্যালয়খনে "দেৱযানী বৰা শিক্ষক প্ৰেৰণা বঁটা" নামে এই শীৰ্ষক বঁটাটো ঘোষণা কৰিছিল ৷

সেই অনুসৰি, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিচতেই বিদ্যালয়খনৰ হবিব আলম নামৰ বিষয় শিক্ষকগৰাকীক এই বঁটাৰে সন্মানিত কৰা হয় ৷ বিদ্যালয় পৰিচালনা ন্যাসে বিজ্ঞান বিষয়ৰ শিক্ষকগৰাকীক এইদৰে প্ৰেৰণা বঁটাৰে সন্মানিত কৰে ৷

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা 24গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত 21 গৰাকীয়ে বিজ্ঞান বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিল ৷ যাৰ বাবেই বিজ্ঞানৰ বিষয় শিক্ষক হবিব আলমক এইদৰে "দেৱযানী বৰা শিক্ষক প্ৰেৰণা বঁটা"ৰে সন্মানিত কৰা হয় ৷ বঁটাটোত শৰাই, গামোচা, প্ৰশস্তি পত্ৰ আৰু নগদ ধন আগবঢ়োৱা হয় ৷

শিক্ষাৰ্থীৰ সফলতাৰ বাবে শিক্ষকক প্ৰদান প্ৰেৰণা বঁটা

দেওবাৰে অনুষ্ঠিত হৈ যোৱা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মৰিগাঁৱৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে শিক্ষক হবিব আলমক বঁটাটো প্ৰদান কৰে ৷ মুহিলা হোম মডেল বিদ্যালয়ে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাইছে জিলাখনৰ সচেতন মহলে ৷

লগতে পঢ়কঃকৰ'ণা সংক্ৰমণ প্ৰতিৰোধমূলক কৰ্মত শিক্ষক জন পায়েঙৰ প্ৰসংশনীয় পদক্ষেপ

ABOUT THE AUTHOR

...view details