অসম

assam

By

Published : Sep 24, 2020, 4:48 PM IST

ETV Bharat / state

জটিল ৰোগত আক্ৰান্ত ৰোগীলৈ প্ৰবাসী অসমীয়াৰ সহায়ৰ হাত

মৰিগাঁও জিলাৰ বৰছলাৰ জটিল ৰোগত আক্ৰান্ত বিমান ডেকা নামৰ এজন যুৱকক সহায়ৰ বাবে আগবাঢ়ি আহিল দক্ষিণ-পূৱ এছিয়াৰ স্বাধীন ৰাষ্ট্ৰ লাউচৰ এগৰাকী প্ৰতিস্থিত ব্যৱসায়ী তথা প্ৰবাসী অসমীয়া হাবিব মহম্মদ চৌধুৰী ৷ জে এফ ফাউণ্ডেচনৰ দ্বাৰা বিমান ডেকাৰ সম্পূৰ্ণ চিকিৎসাৰ খৰছ বহন কৰাৰ দায়িত্ব ঘোষণা কৰিছে অসম সন্তান হাবিব মহম্মদ চৌধুৰীয়ে ৷

IMPACT OF ETV BHARAT
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃমৰিগাঁৱৰ কেঞ্চাৰ ৰোগীক সহায় প্ৰবাসী অসমীয়াৰ

মৰিগাঁও,24ছেপ্তেম্বৰঃ মৰিগাঁও জিলাৰ বৰছলাৰ জটিল ৰোগত আক্ৰান্ত বিমান ডেকা নামৰ এজন যুৱকক সহায়ৰ বাবে আগবাঢ়ি আহিল দক্ষিণ-পূৱ এছিয়াৰ স্বাধীন ৰাষ্ট্ৰ লাউচৰ এগৰাকী প্ৰতিস্থিত ব্যৱসায়ী তথা প্ৰবাসী অসমীয়া হাবিব মহম্মদ চৌধুৰী ৷ জে এফ ফাউণ্ডেচনৰ দ্বাৰা বিমান ডেকাৰ সম্পূৰ্ণ চিকিৎসাৰ খৰছ বহন কৰাৰ দায়িত্ব ঘোষণা কৰিছে হাবিব মহম্মদ চৌধুৰীয়ে ৷

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃমৰিগাঁৱৰ কেঞ্চাৰ ৰোগীক সহায় প্ৰবাসী অসমীয়াৰ

উল্লেখযোগ্য যে, 2019 চনতে যুৱকজন প্ৰথমে কেঁচুমূৰীয়া ৰোগত আক্ৰান্ত হৈছিল ৷ তাৰ পিছতে কেঞ্চাৰ ৰোগত আক্ৰান্ত হয় যুৱকজন ৷ কিন্তু ৰাজ্যৰ লগতে বহিঃৰাজ্যতো চিকিৎসা গ্ৰহণ কৰা যুৱকজন সুস্থ হৈ নুঠিল ৷ চিকিৎসাৰ নামত ঘৰৰ সকলো সা-সম্পত্তি বিক্ৰী কৰে যুৱকজনৰ পৰিয়ালে ৷

যাৰ বাবে গুৱাহাটীৰ ডঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা গ্ৰহণ কৰি থকা বিমান ডেকাই সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে নিজৰ পৰিয়ালটোক সহায়ৰ বাবে এটা প'ষ্ট কৰিছিল ৷ ইয়াৰ পিছতে ৰাজ্যজুৰি যুৱকজনৰ ফেচবুক প'ষ্টটো চৰ্চিত হৈ পৰাত সহায়ৰ বাবে আগবাঢ়ি আহে মানৱ দৰদী হাবিব মহম্মদ চৌধুৰী ৷ লাউচৰ এইগৰাকী প্ৰতিস্থিত ব্যৱসায়ী তথা অসম গৌৰৱ হাবিব মহম্মদ চৌধুৰীৰ মহানুভৱতাক এতিয়া পৰিয়ালৰ লগতে অঞ্চলবাসী ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বিমান ডেকাৰ আশু আৰোগ্য কামনা কৰিছে

লগতে পঢ়কঃবিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ

ABOUT THE AUTHOR

...view details