অসম

assam

ETV Bharat / state

মৰিগাঁৱত জব্দ বৃহৎ পৰিমাণৰ অবৈধ পেট্ৰ’ল

উজনি অসমৰ দিশৰ পৰা আহি মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানাৰ অৰ্ন্তগত তেলাহি ওমৰ ফাৰুক নামৰ এজন তেল মাফিয়াৰ ঘৰত খালি কৰিবলৈ যো-যা চলোৱাৰ সময়তে অবৈধ তেলখিনি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷

By

Published : Oct 11, 2020, 1:49 PM IST

illigel oil tanker confiscation at morigaon
মৰিগাঁৱত জব্দ বৃহৎ পৰিমাণৰ অবৈধ পেট্ৰ’ল

মৰিগাঁও,11 অক্টোবৰঃ মৰিগাঁৱত আৰক্ষীৰ জালত অবৈধ পেট্ৰ’ল ভৰ্তি ট্ৰাক ৷ শনিবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ পেট্ৰ’ল ৷ 7 খনকৈ ডি আই ট্ৰাকৰ লগতে 75 টা প্লাষ্টিকৰ ড্ৰামো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

মৰিগাঁৱত জব্দ বৃহৎ পৰিমাণৰ অবৈধ পেট্ৰ’ল

উল্লেখযোগ্য যে, NL02G-5487 নম্বৰৰ এখন টেংকাৰত আনুমানিক 10,000 লিটাৰ পেট্ৰ'ল পোৱা গৈছিল । আৰক্ষীৰ সূত্ৰ অনুসৰি উজনি অসমৰ ফালৰ পৰা আহি মৰিগাঁও জিলা ধৰমতুল আৰক্ষী থানাৰ অৰ্ন্তগত তেলাহিৰ চোৰাং তেল মাফিয়া ওমৰ ফাৰুকৰ ঘৰত খালি কৰিবলৈ যো-যা চলোৱাৰ সময়তে আৰক্ষীৰ দলটোৱে অবৈধ তেলখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

মৰিগাঁৱত জব্দ বৃহৎ পৰিমাণৰ অবৈধ পেট্ৰ’ল

আনহাতে আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে অন্ধকাৰৰ সুযোগ লৈ তেল মাফিয়া ওমৰ ফাৰুক আৰু গাড়ী কেইখনৰ চালক হেণ্ডিমেন পলায়ন কৰিবলৈ সক্ষম হয় । ইপিনে আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰা অনুসৰি, ইয়াৰ পূৰ্বেও মৰিগাঁও জিলাৰ নেলীত চোৰাং তেলৰ সৈতে ধৰা পৰিছিল তেল মাফিয়া ওমৰ ফাৰুক । সম্প্ৰতি সমগ্ৰ ঘটনাৰ সৰ্ন্দভত ধৰমতুল থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়কঃ শনিবাৰে শুভমুক্তি দৰ্শন শইকীয়াৰ নতুন এলবাম "আবেগ"

ABOUT THE AUTHOR

...view details