ধিং, 8 অক্টোবৰ:মৈৰাবাৰীত জব্দ অবৈধভাৱে চলোৱা কাঠফলা মিল (Illegal timber mills seized in Moirabari) । আজি মৰিগাঁও জিলাৰ বন বিভাগৰ এক বিশেষ অভিযানত মৈৰাবাৰী টাউনৰ মাজমজিয়াত অবৈধভাৱে চলি থকা এখন কাঠফলা মিলৰ যন্ত্ৰ পাতি জব্দ কৰাৰ লগতে মিলখনত থকা কিছু সংখ্যক অবৈধ মূল্যবান কাঠো জব্দ কৰে বন বিভাগে ।
উল্লেখ্য যে, মৰিগাঁও জিলাৰ বন বিভাগৰ বিষয়া শৰৎ হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান ৷ অভিযানকলত মৈৰাবাৰী টাউনৰ মাজমজিয়াত চলা এটা অবৈধ কাঠফলা মিলৰ যন্ত্ৰ পাতি জব্দ কৰি মৰিগাঁও বন সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ যায় ।