অসম

assam

By

Published : Apr 11, 2023, 10:44 PM IST

ETV Bharat / state

Land broker case: মৰিগাঁৱত ভূমি দালালৰ গুণ্ডাৰাজ, নিশা হ’লেই চলাই খননকাৰ্য

মৰিগাঁও-নগাঁও সীমামূৰীয়া দীঘলীপথাৰত ভূ-মাফিয়াৰ অবাধ গুণ্ডাৰাজ ৷ নিশা হ’লেই ভূ-মাফিয়াই JCB ৰে অবৈধভাৱে পুখুৰী খান্দি ভয় ভাবুকিৰে দখল কৰে স্থানীয় লোকৰ ভূমি (Local demands justice)৷

illegal land occupy case in Morigaon
মৰিগাঁৱত ভূমি দালালৰ গুণ্ডাৰাজ

মৰিগাঁৱত ভূমি দালালৰ গুণ্ডাৰাজ

মৰিগাঁও, 11 এপ্ৰিল : শেহতীয়াকৈ ৰাজ্য চৰকাৰে নিকা অসম গঢ়িবলৈ দুৰ্নীতিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে (Land broker case in Morigaon) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি ভূ-মাফিয়াৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই থকাৰ সময়তে মৰিগাঁৱত ভূ-মাফিয়াৰ দপদপনিত ত্ৰাহি মধুসূদন সোঁৱৰিছে সেই স্থানত বাস কৰা লোকসকলে (illegal land occupy case in Morigaon)৷

এতিয়া মৰিগাঁও-নগাঁও সীমামূৰীয়া দীঘলীপথাৰত চলিছে ভূ-মাফিয়াৰ অবৈধ দখলৰাজ । নিশা হ'লেই সুযোগ বুজি ভূ-মাফিয়াই JCB ৰে অবৈধভাৱে পুখুৰী খান্দি ভয় ভাবুকিৰে দখল কৰে স্থানীয় লোকৰ ম্যাদী পট্টাৰ ভূমি (Local demands justice)৷ জিলাখনৰ মিকিৰভেটা ৰাজহ চক্ৰৰ অন্তৰ্গত পূব ৰঙাদৰিয়া, দীঘলীপথাৰ আদি গাঁৱৰ গেজিং ৰিজাৰ্ভ আৰু একাংশ কৃষিভূমিত ভূ-মাফিয়া আচকৰ আলী নামৰ এজন ভূ-মাফিয়াই মাটিৰ দালালৰাজ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ভুক্তভোগীয়ে সংবাদমাধ্যমক জনায়, ‘‘আমাৰ খেতি ভূমিত আমি গম নোপোৱাকৈ নিশাই আচকৰে আহি মাটি খান্দি থৈ যায় ৷ পুৱা আমি দেখাৰ লগে লগে আচকৰে আমাক লগ কৰি কয় যে, মই আপোনাৰ মাটি খান্দিলো, তাৰ বিনিময়ত কি লাগে আপুনি ল’ব পাৰে ৷ লগে লগে আমি ভূমিখিনি ঘূৰাই বিচৰাত আচকৰে দিবলৈ অমান্তি হয় ৷’’

ইয়াৰ পিচতে ভুক্তভোগীয়ে মিকিৰভেটা আৰক্ষী থানাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা নলয় বুলি ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ আচকৰৰ মিকিৰভেটা আৰক্ষী থানাৰ (Mikirbheta Police station) লগতে মিকিৰভেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কোনো বিশেষ বিষয়া কৰ্মচাৰীৰ লগত গোপন মিতিৰালি আছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:Bihu dance for World record: বিহুৰ বিশ্বমুখী যাত্ৰালৈ অহা শিল্পীৰ দুদৰ্শা; ৰাজপথতে কটালে উজাগৰী নিশা

মৰিগাঁও জিলাৰ Land Advisory Boardৰ সদস্য বিষ্ণু ভাগৱতীৰ ওচৰত ভুক্তভোগীসকলে এই সন্দৰ্ভত অৱগত কৰাৰ পিচতেই উক্ত অঞ্চলটো পৰিদৰ্শন কৰে বিষ্ণু ভাগৱতীয়ে ৷ এতিয়া মৰিগাঁও জিলা প্ৰশাসন তথা অসম চৰকাৰে ভূ-মাফিয়া তথা মাটি দালাল আচকৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয় ।

ABOUT THE AUTHOR

...view details