মৰিগাঁও, 25 জুন: মৰিগাঁও জিলাৰ জল সম্পদ বিভাগ আৰু স্থানীয় বন বিভাগৰ চৰম উদাসীনতাৰ বাবে মৰিগাঁৱৰ হাতীয়ামুখত মাটি দালালৰ দৌৰাত্ম্য ৷ মাটি দালাল চক্ৰই দৈনিক জেচিবি, টেক্টৰেৰে কপিলী নদীৰ মথাউৰিৰ কাষৰ চৰকাৰী মাটি খান্দি ৰমৰমীয়া বেহা চলোৱাৰ পিচতো চকুমুদা কুলিৰ ভাও দিছে মৰিগাঁও জিলাৰ জল সম্পদ আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ৷ শীঘ্ৰেই মাটি দালাল চক্ৰৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় সচেতন ৰাইজৰ ৷
যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী ভূমি, পাহাৰৰ মাটি খননত নিষেধাজ্ঞা জাৰি কৰিছে সেইখিনি সময়তে মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ বাঘজাপ গাঁও পঞ্চায়তৰ ভিতৰুৱা হাতিয়া মুখত ভূ-মাফিয়াই অবৈধভাৱে কপিলী নদীৰ পাৰৰ মাটি খান্দি ৰমৰমীয়া বেহা চলাইছে ৷ স্থানীয় সচেতন ৰাইজক ভয়-ভাবুকিৰে ভূ-মাফিয়াই দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে মাটিৰ অবৈধ ব্যৱসায় ৷
মাটি দালালৰ দৌৰাত্ম্যত কপিলী নদীৰ মথাউৰিলৈও এতিয়া আহি পৰিছে ভাবুকি ৷ কিন্ত এতিয়াও গভীৰ নিদ্ৰাত মৰিগাঁও জিলাৰ জল সম্পদ বিভাগ আৰু বন বিভাগ ৷ এই ক্ষেত্ৰত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে স্থানীয় বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ৷