অসম

assam

ETV Bharat / state

বাইহাটাৰ অগৰু কাৰখানাত আৰক্ষীৰ অভিযান - আৰক্ষীৰ অভিযান

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নিশা হঠাৎ চলোৱা অভিযানত দুখন বিলাসী বাছৰ লগতে বিভিন্ন সা-সৰঞ্জাম জব্দ কৰে ৷  এই কাৰখানাটোত বৈধ নথি পত্ৰ নোহোৱাকৈ অগৰু উৎপাদন কৰা হৈছিল ৷

অগৰু উৎপাদন কাৰখানাত আৰক্ষীৰ অভিযান

By

Published : May 12, 2019, 12:35 PM IST

বাইহাটা , 12 মে' :বাইহাটা চাৰিআলিৰ মদনপুৰত শনিবাৰে নিশা এটা অগৰু উৎপাদন কৰা কাৰখানাত চাংসাৰি আৰক্ষীয়ে অভিযান চলায় ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নিশা হঠাৎ চলোৱা অভিযানত দুখন বিলাসী বাছৰ লগতে বিভিন্ন সা-সৰঞ্জাম জব্দ কৰে ৷

অগৰু উৎপাদন কাৰখানাত আৰক্ষীৰ অভিযান

উল্লেখ্য যে বহু দিনৰ পৰা এই কাৰখানাটোত বৈধ নথি পত্ৰ নোহোৱাকৈ অগৰু উৎপাদন কৰা হৈছিল ৷ কোঠা এটাৰ ভিতৰত আঠটাকৈ গেছ ষ্টোভ জ্বলাই অগৰু উৎপাদন কৰি আহিছিল ৷ লগতে কোঠাটোৰ ভিতৰত সংলগ্ন কৰি ৰাখিছিল ৱাই ফাই যুক্ত চি চি টিভি ৷ দণ্ডাধীশ সুৰজিত বৰাৰ উপস্থিতিত অগৰু উৎপাদ কৰা কাৰখানাটো চীল কৰা হয় ৷

ABOUT THE AUTHOR

...view details