মৰিগাঁও, 28 জুলাই : কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মঙলবাৰে উত্তাল হ'ল মৰিগাঁও চহৰ । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলা সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মৰিগাঁৱৰ ঐতিহাসিক দন্দোৱাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়িত কৰি বিভিন্ন প্ৰতিবাদী শ্ল'গান দিয়ে প্ৰতিবাদকাৰীয়ে । বিশেষকৈ 'কা' বিৰোধী আন্দোলনত কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তি আৰুEnvironment Impact of Assessment Act 2020চমুকৈ EIA ৰ বিৰুদ্ধে জিলাখনৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে আম আদমী পাৰ্টিৰ সহযোগত অনুষ্ঠিত হোৱা এই গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক সকিয়নি দিয়ে ।
মৰিগাঁও জিলা সমিতিৰ সম্পাদক দেৱজিত পাতৰৰ স্পষ্ট অভিযোগ যে, যিখিনি সময়ত ৰাজ্যৰ কাৰাগাৰসমূহৰ পৰা বহুতো কাৰাবন্দীক মুকলি কৰি দিছে সেইখিনি সময়তে কৃষক নেতাগৰাকীক নিয়া আদালতে(NIA) দুটাকৈ গোচৰত বন্দী কৰি ৰাখিছে । অখিল গগৈক অতি সোনকালে মুক্তি নিদিলে সংগঠনকেইটাই তীব্ৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে ৷