মৰিগাঁৱত ডি.এল.এডৰ নামভৰ্তিৰ নামত ব্যাপক বিসংগতিৰ অভিযোগ - ডি.এল.এড
মৰিগাঁৱত ভুৱা নামভৰ্তিৰে ডি.এল.এড ৰচিদ যোগানৰ অভিযোগ আৰোহণ কনিষ্ঠ মহাবিদ্যালয়ৰ বিৰুদ্ধে ৷ মৰিগাঁও চহৰৰ মাজমজিয়াত থকা আৰোহণ মহাবিদ্যালয়ৰ এনে কাৰ্যৰ বিৰুদ্ধে মৰিগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
মৰিগাওঁ, 28 ছেপ্টেম্বৰঃ মৰিগাঁৱত ভুৱা নামভৰ্তিৰে ডি.এল.এড ৰচিদ যোগানৰ অভিযোগ অৱৰোহণ কনিষ্ঠ মহাবিদ্যালয়ৰ বিৰুদ্ধে ৷ ৰাজ্যজুৰি টেট পৰীক্ষাত অৱতীৰ্ণৰ নামত চলিছে ডি.এল.এডৰ ভুৱা নামভৰ্তি ৷ 6ৰ পৰা 9 হাজাৰ টকা পৰ্যন্ত ধনৰ বিনিময়ত প্ৰদান কৰা হৈছে ভুৱা নামভৰ্তিৰ ৰচিদ ৷ মৰিগাঁও চহৰৰ মাজমজিয়াত থকা আৰোহণ মহাবিদ্যালয়ৰ এনে কাৰ্যৰ বিৰুদ্ধে মৰিগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাৰপূজীয়া আঞ্চলিকৰ সভাপতি পিংকু মহন্তই এই কাৰ্যৰ অতি শীঘ্ৰেই উচিত তদন্তৰ দাবী জনায় ৷