চৰকাৰৰ আঁচনি কাৰ বাবে : জনসাধাৰণ নে দলীয় কৰ্মীৰ বাবে ? - আলহী ঘৰ
ৰাজ্যৰ বিভিন্ন পৰ্যটনস্থলীৰ সমান্তৰাল কৈ পবিতৰাতো চৰকাৰে প্ৰদান কৰিছিল চাৰিটা অতিথি গৃহ। প্ৰতিটো ঘৰৰ বাবদ প্ৰদান কৰা হৈছিল ৮-১০ লাখ টকা। কিন্তু একাংশ বিজেপি নেতাৰ চকু পৰিল এই টকাৰ ওপৰত ।
চৰকাৰৰ আঁচনি কাৰ বাবে
মায়ং,আগষ্ট 23 : ৰাজ্যৰ পৰ্যটন বিভাগে পৰ্যটনস্থলীৰ উন্নয়নৰ বাবে ২০১৭ চনতে হাতত লৈছিল আলহী ঘৰ নামেৰে এক আঁচনি। ৰাজ্যৰ বিভিন্ন পৰ্যটনস্থলীৰ সমান্তৰাল কৈ পবিতৰাতো প্ৰদান কৰিছিল চাৰিটা অতিথি গৃহ। প্ৰতিটো ঘৰৰ বাবদ প্ৰদান কৰা হৈছিল ৮-১০ লাখ টকা। কিন্তু এই টকাৰ ওপৰত চকু পৰিল একাংশ বিজেপি নেতাৰ। মন্ত্ৰীৰ সোঁৱে-বাঁওৱে ঘুৰি ফুৰা একাংশ লোকেহে লাভ কৰে এই আঁচনিৰ ধনৰাশি। যাৰ বাবে এই ঘৰবোৰ দুদিন পাচতে হয়টো কাৰোবাৰ ব্যক্তগত ড্ৰয়িং ৰুম,পাকঘৰ অথবা অতিথি কোঠালৈ পৰিণত হ'ব। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন