অসম

assam

আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা, মেলাথলীত ইউনেস্ক’ৰ গৱেষকৰ দল

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 8:34 PM IST

Jonbeel Mela : তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা ৷ মেলাথলীত গৱেষণাৰ বাবে উপস্থিত ইউনেস্ক’ৰ এটা গৱেষকৰ দল ৷

Historic Jonbeel Mela
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা

আৰম্ভ হ’ল জোনবিল মেলা

মৰিগাঁও, 18 জানুৱাৰী :ঐতিহাসিক জোনবিল মেলাৰ আজি প্ৰথম দিন ৷ আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনবিল মেলা বাকৰিত অনুষ্ঠিত হৈছে পৰম্পৰাগত জোনবিল মেলা ৷ সমন্বয়ৰ বাৰ্তা লৈ পাহাৰৰ পৰা নামি আহিছে মামা-মামীসকল ৷ মেলাথলীত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ সাংস্কৃতিক দলৰ লোক নৃত্য পৰিৱেশন ৷

আজি প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে গোভা ৰাজ্যৰ ৰজা দ্বীপসিং দেউৰজাই ৷ মেলাথলীত পুৱা পতাকা উত্তোলন কৰে গোভা ৰজা দ্বীপসিং দেওৰজাই ৷ লগতে আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ৷

উল্লেখ্য যে গোভা দেউৰজা তথা জোনবিল মেলা পৰিচালনা সমিতিৰ উদ্যোগত প্ৰতিবছৰে অনুষ্ঠিত হোৱা ঐতিহাসিক জোনবিল মেলাথলীত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো,খাচী, জন্তীয়া জিলাৰ লগতে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলাৰ পাহাৰৰ পৰা জনজাতীয় লোক সকল ভৈয়ামলৈ নামি আহে ৷ বিহুৰ চিৰা, পিঠা, সান্দহৰ লগতে ভৈয়ামত উৎপাদিত বিভিন্ন সামগ্ৰীৰ সৈতে বিনিময় কৰাৰ বাবে পাহাৰত উৎপাদিত কচু, হালধি, লা, ধূনা আদি লৈ অস্থায়ী শিবিৰত বাহৰ পাতিছে পাহাৰত বাস কৰা জনজাতীয় লোক সকলে ৷ জোনবিল মেলাত কাইলৈ অনুষ্ঠিত হ’ব এই বিনিময় প্ৰথা ৷ পাহাৰ আৰু ভৈয়ামৰ লোক সকলৰ মাজত অনুষ্ঠিত হোৱা এই বিনিময় প্ৰথা চাবলৈ মেলাথলীত অসংখ্য লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে এইবেলি ইউনেস্ক’ৰ এটা গৱেষকৰ দলে জোনবিল মেলালৈ আহি মেলা সন্দৰ্ভত গৱেষণা কৰা বুলি জানিবলৈ দিয়ে আয়োজক সকলে ৷ সমান্তৰালকৈ প্ৰথম দিনটোত জম্মু কাশ্মীৰ আৰু হাৰিয়ানাৰ সাংস্কৃতিক দলে প্ৰথম বাৰৰ বাবে পৰিৱেশন কৰে লোক নৃত্য ৷ আজিৰ অনুষ্ঠানত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, ৰজা দ্বীপসিং দেউৰজাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক :পাহাৰৰ পৰা নামিল মামা-মামী; তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পৰম্পৰাগত জোনবিল মেলা

ABOUT THE AUTHOR

...view details