অসম

assam

মৰিগাঁৱত গৰু চোৰক ৰাম পিটন ৰাইজৰ

By

Published : Nov 14, 2019, 7:13 PM IST

এশ গৰু মাৰিলে বাঘৰো মৰণ এই কথা আখৰে আখৰে প্ৰতিফলিত হ’ল মৰিগাঁৱৰ দলৈচুবা গাঁৱত । বিগত কেইবামাহ ধৰি গৰু চুৰিৰে গৃহস্থৰ টোপনি কঢ়া গভাইত গৰু চোৰ ৰাইজৰ ফান্দত পৰিল । নিশা উত্তেজনাময় পৰিস্থিতি,আৰক্ষী চি আৰ পি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

মৰিগাওঁ, 14 নৱেম্বৰ: মৰিগাঁৱৰ দলৈচুবা গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি। ৰাইজে গৰু চোৰৰ সন্দেহত দলবাৰীৰ আজমত আলী নামৰ এজন ব্যক্তিক উত্তম-মধ্যম দিয়ে ৰাইজে। অভিযোগ অনুসৰি গাঁৱৰ ৰাইজ ৰাসত ব্যস্ত থকাৰ সুবিধা লৈ চোৰ কৰাৰ উদ্দেশ্যে চোৰটো বাঁহৰ বাৰীত সোমাই আছিল ৷ কেইজনমান লোকে প্ৰত্যক্ষ কৰি গাঁওবুঢ়াৰ ঘৰলৈ লৈ যায় যদিও একাংশ লোকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে চোৰটোক ৷ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গৰু চোৰটোক উত্তেজিত ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা চলাই যদিও আৰক্ষী-ৰাইজৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয়।

গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
আৰক্ষীক শিলগুটি,ইটা দলিয়াই উত্তেজিত ৰাইজে। আৰক্ষীয়ে হাতযোৰ কৰি ৰাইজক আইন হাতত তুলি নল'বলৈ অনুৰোধ কৰে যদিও আৰক্ষীৰ অনুৰোধ নামানি আইন হাতত তুলি লয় একাংশ ৰাইজে ৷ ৰাইজে আৰক্ষীৰ দলটোক আৱদ্ধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। ঘটনাস্থলীত মৰিগাঁও উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই আৰু চোৰটো মৰিগাঁও সদৰ আৰক্ষী থানালৈ লৈ যায় ৷ আনহাতে,গাঁওখনত বহুদিনৰ পৰা গৰু চোৰে তাণ্ডৱ চলাই গাভিনী গৰুসহ ২৬ টা গৰু চুৰি কৰাত গো-পালকসকল ক্ষুব্ধ হৈ আছিল যাৰ ফলত মহিলাইও দিব লগা হৈছিল পহৰা ৷

ABOUT THE AUTHOR

...view details