মৰিগাঁও, 30 জুলাই : শুকুৰবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ৰ ফলাফলৰ পাচতে ফলাফলক লৈ এক উত্তপ্ত পৰিস্থিতি মৰিগাঁৱৰ এখন ব্যক্তিগত অভিজাত বিদ্যালয়ত । ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ বিৰুদ্ধে উত্থাপন হৈছে স্বজন-তোষণৰ অভিযোগ । মৰিগাঁও চেইণ্ট ঠেৰেছা স্কুল (St. Theresa School)ত সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ । বিদ্যালয় কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া শিক্ষক (Tutor)ৰ বিপৰীতে অভিভাৱকৰ মনঃপুত শিক্ষকৰ ওচৰত টিউচন দিয়াৰ বাবেই ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত কম নম্বৰ দিয়াৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷
লগতে পঢ়ক :হাই মাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ
ইয়াকে লৈ বিদ্যালয়খনৰ প্ৰৱেশ দ্বাৰৰ বাহিৰত ক্ষুব্ধ অভিভাৱকসকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ডিষ্টিংচন পাবলগীয়া ছাত্ৰ-ছাত্ৰীক দ্বিতীয় বিভাগৰ নম্বৰ দিয়াৰ অভিযোগ তুলিছে অভিভাৱকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ৷ পুৱাৰ ভাগৰ পৰাই বিদ্যালয় কৰ্তৃপক্ষ, আৰক্ষী আৰু CRPF জোৱানে অভিভাৱকসকলক বিদ্যালয়ৰ ভিতৰত সোমোৱাত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে ।