লাহৰীঘাট, ৪ জুলাই:ৰাজ্যত পুনৰ চিকিৎসক নিগ্ৰহৰ ঘটনা । শেহতীয়াকৈ দেখা গৈছে যে ৰাজ্যত কৰ'ণা (Corona) পৰিস্থিতিৰ মাজত কেইবাগৰাকী চিকিৎসক অথবা চিকিৎসা সেৱাৰ সৈতে জড়িত লোক আক্ৰমণৰ বলি হৈছে । এইবাৰ স্থান মৰিগাঁও জিলাৰ লাহৰীঘাট । দুদিন পূৰ্বে লাহৰীঘাটৰ ছাইফুল ইছলাম নামৰ এজন চিকিৎসা কৰ্মীৰ (Health worker) ওপৰত বৰ্বৰ আক্ৰমণ চলাইছিল একাংশ লোকে ।
লাহৰীঘাটৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰত (Covid Vaccination center) সংঘটিত হৈছিল এই ভয়াৱহ ঘটনা । চাৰিজনীয়া দুৰ্বৃত্তৰ দলে আক্রমণ কৰিছিল চিকিৎসা কৰ্মী ছাইফুল ইছলামক । লাহৰীঘাটৰ বোৱাল গুৰি মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছিল এই ঘটনা । কিন্তু ঘটনা সংঘটিত হোৱা ৪৮ ঘন্টা পাৰ হৈ যোৱাৰ পাছতো লাহৰীঘাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ'ল এজনো অভিযুক্তক ।
যাৰ বাবে দেওবাৰে লাহৰীঘাট মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ৰ সম্মুখত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ (Protest) সাব্যস্ত কৰে চিকিৎসা কৰ্মী সকলে । ইফালে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী চিকিৎসা কৰ্মী সকলে ।