অসম

assam

ETV Bharat / state

মৰিগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - মৰিগাঁও

শনিবাৰে মৰিগাঁৱত উদযাপিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰি মৰিগাঁঁও জিলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ভিন্ন আঁচনিৰ লগতে, বহু ৰাজনৈতিক বিষয়ত মন্তব্য আগবঢ়ায় স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

স্বাধীনতা দিৱসৰ কাৰ্যসূচী
স্বাধীনতা দিৱসৰ কাৰ্যসূচী

By

Published : Aug 15, 2020, 3:15 PM IST

মৰিগাঁও, 15 আগষ্ট:মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উদযাপিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত মৰিগাঁৱৰ বাবে চৰকাৰে লোৱা ভিন্ন আঁচনিৰ লগতে, সমাগত নিৰ্বাচন আৰু ভিন্ন দল-সংগঠনসমূহৰ বিষয়েও উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আছু জনপ্ৰিয় নে বিজেপি জনপ্ৰিয় সেই কথা 2021 ৰ নিৰ্বাচনত জনসাধাৰণে দেখুৱাই দিব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে তেওঁ মন্তব্য কৰে যে, আছু এই প্ৰতিযোগিতা খনত আহিব নালাগিছিল ৷ এইখন প্ৰতিযোগিতাত আহি তেওঁলোকে সেই জাতীয় সংগঠনটোৰ মৰ্যদা কিমান কমাই দিলে তাৰ প্ৰত্যুত্তৰ জনতাই 2021 ৰ নিৰ্বাচনত দিব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

মৰিগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আনহাতে শুকুৰবাৰে মন্ত্ৰী পিযুষ হাজৰিকাই কৰা এক মন্তব্যৰো প্ৰতিক্ৰয়া প্ৰকাশ কৰি তেওঁ কয়, মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা অসমৰ সকলো লোকৰে আছে ৷ কিন্তু সেই কথাৰ নিৰ্ণয় কৰিব ৰাইজে ৷ আনহাতে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয়, এতিয়া কংগ্ৰেছৰ পক্ষত যি এজন দুজন খিলঞ্জীয়া আছে সেইসকলো বিজেপিৰ পক্ষলৈ আহিব ৷ দুয়োটা দলৰে মিত্ৰতা হ'লে গোটেই কংগ্ৰেছ ভৱনটোৱেই আজমল ভৱনলৈ ৰূপান্তৰ হ'ব বুলি তেওঁ মন্তব্য কৰে ৷ তৰুণ গগৈয়ে 'হু ইজ আজমল' বুলি কৈ কৈ এতিয়া কংগ্ৰেছ দলটোকে আজমল কৰি দিলে ৷ এসময়ত তেওঁ কংগ্ৰেছ দলত থকাৰ বাবে দুঃখিত বুলিও কথ প্ৰসংগত উল্লেখ কৰে ৷

আনহাতে তেওঁ মৰিগাঁও জিলাৰ বাবে গ্ৰহণ কৰা ভিন্ন আঁচনি সন্দৰ্ভতো সংবাদ মাধ্যমযোগে উল্লেখ কৰে ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱত মেডিকেল কলেজ স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ প্ৰাৰম্ভিক কাম যাতে অতি শীঘ্ৰেই আৰম্ভ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনক 100 বিঘা মাটি দিবলৈ কয় ৷ জাগীৰোজৰ কাগজকলৰ যিখন চিকিৎসালয় অসম চৰকাকে লৈছিল তাতে আগন্তুক ডেৰ মাহৰ ভিতৰত এটা বিনামূলীয়া কিডনী ডায়েলেচিছ সেৱা আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰে তেওঁ ৷ দৰং আৰু মৰিগাঁও দুই জিলা সংযোগী দুখন দলং নিৰ্মাণৰ সমীক্ষাৰ কাম অব্যাহত আছে ৷ মৰিগাঁও চহৰৰ নলা-নৰ্দমা সমূহ নতুনকৈ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰায় 30 কোটি টকাৰ আঁচনিও প্ৰস্তুত কৰিছে ৷ যাৰ কাম আৰম্ভ হ'ব ডিচেম্বৰ মাহৰ আগতে ৷ আচাৰ্য ইলাৰাম দাসৰ নামত নিৰ্মাণ কৰা হ'ব সংস্কৃতি ভৱন ৷ জিলাখনৰ বাবে এনে ধৰণৰ কেইবাটাও আঁচনি ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:স্বাধীনতা দিৱসৰ পুৱা টীয়কত ক'ভিড-19 আৰু স্বাস্থ্য সজাগতা চাইকেল ৰেলী

ABOUT THE AUTHOR

...view details