অসম

assam

ETV Bharat / state

মৰিগাঁৱত পীযুষক তুলাধূনা হাগ্ৰামাৰ - ৭৯ নং জাগীৰোড বিধান সভা সমষ্টি

'পীযুষ হাজৰিকা এটা সৰু মাছ । মাছ, কয়লা, পাণ, কণী, গৰুৰ ছিণ্ডিকেট চলাইছে পীযুষে । আগতে মই তাক জিকাবলৈ আহিছিলো । মই বিজেপিক সহায় কৰি ভুলেই কৰিছিলো । এতিয়া মই আহিছো তাক হৰুৱাবলৈ । এই কাৰণে মই বহুত সুখী'- এই মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ।

মৰিগাঁৱত পীয়ূষক তুলাধূনা হাগ্ৰামাৰ
মৰিগাঁৱত পীয়ূষক তুলাধূনা হাগ্ৰামাৰ

By

Published : Mar 27, 2021, 12:43 PM IST

মৰিগাঁও,২৭ মাৰ্চ: শনিবাৰে ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । তাৰ লগে লগে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে । শুকুৰবাৰে ৭৯ নং জাগীৰোড বিধানসভা সমষ্টিত কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী স্বপন কুমাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । জাগীৰোড বিধানসভা সমষ্টিৰ জাগীভকত গাঁৱৰ কলাগুৰু বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক বিশাল নিৰ্বাচনী সভাত পীযুষ হাজৰিকাক তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে ।

মৰিগাঁৱত পীযুষক তুলাধূনা হাগ্ৰামাৰ

এই সভাত হাগ্ৰামা মহিলাৰীৰ লগতে নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ, অপূৰ্ব ভট্টাচাৰ্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, হিমন্ত বিশ্ব শৰ্মা আৰু জাগীৰোডৰ বিধায়ক বিধায়ক পীযুষ হাজৰিকাক কটু ভাষাৰে সমালোচনা কৰে । এই নিৰ্বাচনী সভাতে কংগ্ৰেছী মনোনীত প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলে ৰাইজৰ পৰা আৰ্শীবাদ বিচাৰি চমু বক্তব্য ৰাখি এক এপ্ৰিলত কংগ্ৰেছক ভোট দি কৰি জয়যুক্ত কৰিবলৈ আহবান জনায় । তদুপৰি কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰ বিষয়ে ব্যাখ্যা আগবঢ়াই মহিলাৰীয়ে ।

কলাগুৰু বিষ্ণু ৰাভা প্ৰেক্ষাগৃহ

নিৰ্বাচনী সভাত মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰকে আদি কৰি জিলা কংগ্ৰেছৰ বিষয়ববীয়াই অংশ লয় । এই সভাত পাঁচ সহস্ৰাধিক সমৰ্থক উপস্থিত থাকে । উল্লেখযোগ্য যে, ৭৯ নং জাগীৰোড বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ নিৰ্বাচনী প্ৰচাৰত নামিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰী আদি নেতাসকলে ।

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতাৰ দলত্যাগ

ABOUT THE AUTHOR

...view details