মৰিগাঁও, ৩১ ডিডচেম্বৰ :সমগ্ৰ বিশ্বৰ লগতে অসমবাসীও সাজু হৈছে নৱবৰ্ষক আদৰিবলৈ (New year celebration 2023) । ৰাজ্যবাসী সাজু হোৱাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও কেতবোৰ নীতি-নিয়ম বান্ধি দি জিলা প্ৰশাসনলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে । চৰকাৰৰ এই নিৰ্দেশনা অনুসৰি মৰিগাঁও জিলা প্ৰশাসনেও জিলাখনৰ পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নিৰ্দেশনা মানি চলাটো বাধ্যতামূলক কৰিছে ।
ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনে অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জিলাখনৰ জাগীৰোড, মৈৰাবাৰী, লাহৰীঘাট আদি অঞ্চলকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে এক বিশেষ অভিযান । আগন্তুক নৱবৰ্ষৰ গইনা লৈ যাতে গাড়ী-মটৰ চলাওতে কোনো অনিয়ম তথা অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি তীক্ষ্ণ নজৰ দিয়া পৰিলক্ষিত হৈছে মৰিগাঁও জিলা প্ৰশাসনে ।
কেৱল এয়াই নহয়, জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই(Morigaon District DC) কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিছে । জিলা পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে আৰক্ষী প্ৰশাসনৰ সহযোগত চলিছে এই অভিযান । সমগ্ৰ মৰিগাঁও জিলাৰ চুকে-কোণে চলা এই অভিযানৰ জৰিয়তে সুৰাপান বা অন্য কোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰি গাড়ী নচলোৱাৰ লগতে দুচকীয়া যানবাহন চলাওতে হেলমেট ব্যৱহাৰ কৰা, তীব্ৰ বেগেৰে গাড়ী চলোৱাত বাধা, গাড়ী চলাওতে ম'বাইল ফোনৰ ব্যৱহাৰ বন্ধ কৰা, চাৰিচকীয়া গাড়ী চলাওতে চিট বেল্ট ব্যৱহাৰ কৰাৰ আহ্বান জনোৱা হৈছে (Road safety program in Morigaon)।