অসম

assam

ETV Bharat / state

মোৰ শত্ৰু AIUDF নহয়,বিজেপিহে: মুনিন মহন্ত

জন সাধাৰণৰ মিলিত শক্তিৰে পৰাভূত হ'ব বিজেপি ৷ জনতাৰ চিন্তাধাৰা যি ফালে যায় তাক কোনেও ৰুধিব নোৱাৰে ৷ ইতিমধ্যে জনতাৰ মাজত বিজেপি কি সেই সম্পৰ্কে ধাৰণা স্পষ্ট হৈছে ৷ শুকুৰবাৰে ইটিভি ভাৰতৰ আগত এই মন্তব্য কৰে 80 নং মৰিগাঁও বিধানসভা সমষ্টিৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ বাওঁপন্থী নেতা মুনিন মহন্তই ৷

grand-alliance-candidate-munin-mahanta
মোৰ শত্ৰু AIUDF নহয়,বিজেপিহে মোৰ শত্ৰু:মহাজোঁটবন্ধনৰ প্ৰাৰ্থী মুনিন মহন্ত

By

Published : Mar 6, 2021, 7:59 AM IST

মৰিগাঁও,6 মাৰ্চ:জন সাধাৰণৰ মিলিত শক্তিৰে পৰাভূত হ'ব বিজেপি ৷ জনতাৰ চিন্তাধাৰা যি ফালে যায় তাক কোনেও ৰুধিব নোৱাৰে ৷ ইতিমধ্যে জনতাৰ মাজত বিজেপি কি সেই সম্পৰ্কে ধাৰণা স্পষ্ট হৈছে ৷ শুকুৰবাৰে ইটিভি ভাৰতৰ আগত এই মন্তব্য কৰে 80 নং মৰিগাঁও বিধানসভা সমষ্টিৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ বাওঁপন্থী নেতা মুনিন মহন্তই ৷ তদুপৰি মহন্তই নাগৰিকত্ব সংশোধনী আইন বাতিল, কৃষি আইন বাতিল, জাগীৰোড কাগজ কলৰ পুনৰুজ্জীৱিতকৰণ আদিৰ বাবে যুঁজ কৰাৰ কথা উল্লেখ কৰে ৷

বিজেপিক শত্ৰু আখ্যা দিয়ে মহাজোঁটৰ প্ৰাৰ্থী মুনিন মহন্তই

ইপিনে,এআইইউডিএফ শত্ৰু নহয় বুলি কৈ বিজেপিক শত্ৰু আখ্যা দিয়ে মৰিগাঁও বিধানসভা সমষ্টিৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী মুনিন মহন্তই ৷ আনহাতে, কৃষক নেতা অখিল গগৈয়ে মুছলমান লোকৰ মাজত জনপ্ৰিয়তা হেৰুওৱা বুলি উল্লেখ কৰি মহন্তই গগৈক হেৰুওৱা জনপ্ৰিয়তা ঘূৰাই আনিবলৈ আহ্বান জনায় ৷

লগতে পঢ়কঃপ্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱা পাচতে কি ক'লে ৰাজ্যিক বিজেপিৰ নেতৃত্বই ...

ABOUT THE AUTHOR

...view details