অসম

assam

ETV Bharat / state

Assam Governor at Mayong : মায়ং আঞ্চলিক মহাবিদ্যালয়ত অসমৰ ৰাজ্যপাল

মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া ৷ মহাবিদ্যালয়খনত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গৰাকী ৷

Governor Gulab Chand Kataria Visit Mayong
মায়ং আঞ্চলিক মহাবিদ্যালয়ত অসমৰ ৰাজ্যপাল

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:28 PM IST

মায়ং আঞ্চলিক মহাবিদ্যালয়ত উপস্থিত হয় অসমৰ ৰাজ্যপাল

ধিং, 9 ছেপ্টেম্বৰ : প্ৰথম বাৰৰ বাবে মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া ৷ NAAC ৰ A+ গ্ৰেড লাভ কৰা মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত শনিবাৰে অনুষ্ঠিত কৰা হয় "আত্ম নিৰ্ভৰ ভাৰতৰ বাবে দক্ষ যুৱক" বিষয়বস্তুৰ ওপৰত যুৱ সন্মিলন 2.0 ৷

উত্তৰ-পূব দক্ষতা কেন্দ্ৰ, অসম চৰকাৰ, অসম দক্ষতা বিকাশ মিছন-এন.ই.এছ.চি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন.এছ.এছ. গোটৰ সহযোগত এই অনুষ্ঠানটিৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া ৷ ৰাজ্যপাল গৰাকীয়ে এই অনুষ্ঠানটোত উপস্থিত থকা যুৱক-যুৱতী সকলক উদ্দেশ্যি কাৰিকৰী বিষয়ত ভাৰত চৰকাৰে ৰূপায়ণ কৰি থকা বিভিন্ন দিশসমূহ উল্লেখ কৰে ৷ তদুপৰি আত্মনিৰ্ভৰ হ’বলৈ নৱ-প্ৰজন্মই কেনেদৰে আগবাঢ়িব লাগে তাক উল্লেখ কৰি মহাবিদ্যালয় সমূহত আত্মনির্ভৰতাৰ ওপৰত শিক্ষা প্ৰদান কৰিব লগে বুলিও উল্লেখ কৰে ৰাজ্যপাল গৰাকীয়ে ৷

লগতে পঢ়ক :Assam Cabinet recommends withdraw AFSPA : অসমৰ পৰা সম্পূৰ্ণভাৱে AFSPA আঁতৰোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব ৰাজ্য চৰকাৰে

অনুষ্ঠানত অসম দক্ষতা কেন্দ্ৰৰ বিষয়ববীয়া, অসম চৰকাৰৰ শিক্ষক শিক্ষা পৰিষদৰ সচিবৰ লগতে মাষ্টাৰ চেফ বিজয়ী নয়নজ্যোতি শইকীয়া উপস্থিত থাকে ৷ অনুষ্ঠানত অসম চৰকাৰৰ দক্ষতা বিকাশ অভিযানৰ জৰিয়তে কেনেদৰে যুৱক-যুৱতী সকল উপকৃত হ’ব পাৰে বা কেনেদৰে কৰ্ম সংস্থাপন লাভ কৰিব পাৰে ইয়াৰ ওপৰত বাখ্যা আগবঢ়োৱা হয় ৷ অনুষ্ঠানটো আঁত ধৰে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড৹ উৎপল নাথে ৷ আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মহানন্দ বৰাই ৷ সভাখনত অঞ্চলটোৰ প্ৰায় তিনি শতাধিক ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক :Rehabilitation in Dhemaji : চিলাপথাৰত ব্ৰহ্মপুত্ৰত খহনীয়াগ্ৰস্ত ১৫০ পৰিয়ালক চৰকাৰী ভূমিত সংস্থাপন

ABOUT THE AUTHOR

...view details