মৰিগাঁও, 15 ফেব্ৰুৱাৰী :হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীলৈ সু-খবৰ ৷ কিয়নো মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া টিউচন চেন্টাৰ ৷
মৰিগাঁও ভূৰবন্ধা খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বত আৰম্ভ হোৱা টিউচন চেণ্টাৰ সমূহত দুমাহলৈ ছাত্ৰ-ছাত্ৰী সকলক দিয়া হ'ব পাঠদান । ইংৰাজী আৰু গণিত বিষয়ত প্ৰদান কৰা হ'ব পাঠদান ৷