মৰিগাঁও, 24 ডিচেম্বৰ:মৰিগাঁৱত চিপিআই মৰিগাঁও জিলা পৰিষদৰ উদ্যোগত আৰু আঞ্চলিক গণ মৰ্চাৰ সহযোগত বুধবাৰে মৰিগাঁৱৰ বিহুতলীত এক গণ সমাবেশ অনুষ্ঠিত হয় ৷
সমাৱেশত ভাষণ প্ৰদান কৰি আঞ্চলিক গণ গণ মৰ্চাৰ মুখ্য সমন্বয়ক তথা জ্যেষ্ঠ সাংবাদিক মনজিত মহন্তই বিজেপি চৰকাৰক কটু সমালোচনা কৰি মন্তব্য কৰি কয় যে, সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱা বিজেপিৰ নিচিনা শক্তিৰ সন্মুখত মূৰ তল কৰাতকৈ আমি আত্মহত্যা কৰিবলৈ বেছি ভাল পাম ৷ তেওঁ লগতে কয় যে, বিজেপিৰ সন্মুখত মূৰ তল কৰাতকৈ দেহত শেষ মুহুৰ্তলৈ শক্তি থকা পৰ্যন্ত আমি বিজেপিৰ বিৰুদ্ধে যুঁজ দি যাম ৷