অসম

assam

ETV Bharat / state

মৰিগাঁৱত জুৱাৰীয়ে মুকলিকৈ মেলিছে জুৱাৰ বেহা - ম’হ যুঁজ

দেওবাৰে মৰিগাঁৱৰ সমীপৱৰ্তী আঁহতগুৰিৰ দুইমাৰী পথাৰত আয়োজন কৰা ম’হ যুঁজৰ থলীত মুকলিকৈ জুৱাৰ বেহা মেলিছে জুৱাৰীয়ে ৷ এইবোৰ দেখিও নিৰ্বিকাৰ প্ৰশাসন ৷

মৰিগাঁৱত জুৱাৰীয়ে মুকলিকৈ মেলিছে জুৱাৰ বেহা
মৰিগাঁৱত জুৱাৰীয়ে মুকলিকৈ মেলিছে জুৱাৰ বেহা

By

Published : Feb 8, 2021, 7:53 AM IST

মৰিগাঁও, 8 ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে জুৱাৰীৰ দৌৰাত্ম্য ৷ এইবাৰ জুৱাৰীয়ে জুৱাৰ বেহা মেলিছে মৰিগাঁৱত ৷ জুৱাৰীৰ ধনৰে মৰিগাঁৱৰ বিভিন্ন ঠাইত পৰম্পৰাগত ম'হ যুঁজ অব্যাহত ৰখাৰ অভিযোগ সচেতন মহলৰ । পৰম্পৰাগত ম'হ যুঁজৰ নামত মৰিগাঁৱত জুৱাৰ মুকলিকৈ আড্ডা চলা পৰিলক্ষিত হৈছে ৷

মৰিগাঁৱত জুৱাৰীয়ে মুকলিকৈ মেলিছে জুৱাৰ বেহা

দেওবাৰে মৰিগাঁৱৰ সমীপৱৰ্তী আঁহতগুৰিৰ দুইমাৰী পথাৰত আয়োজন কৰা হৈছিল ম’হ যুঁজৰ ৷ এই ম’হ যুঁজৰ থলীত মুকলিকৈ জুৱাৰ বেহা মেলা পৰিলক্ষিত হৈছে ৷ এইবোৰ দেখিও প্ৰশাসনে নিৰ্বিকাৰ ভূমিকা পালন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷ ফলশ্ৰুতিত মৰিগাঁৱত দিনক দিনে বৃদ্ধি পাইছে জুৱাৰীৰ দৌৰাত্ম্য ।

জুৱাৰ ৰাগীত পৰি বহু লোকে চাইকেল,ম'বাইল,হাত ঘড়ীৰ পৰা আদি কৰি বিক্ৰী কৰিবলগীয়া হৈছে নিজৰ মূল্যৱান সম্পত্তিও ৷

পৰিতাপৰ বিষয় এই যে,পৰম্পৰা বজাই ৰখাৰ স্বাৰ্থত আয়োজন কৰা ম’হ যুঁজ থলীত জুৱাৰীয়ে মেলা জুৱাৰ বেহাই বিনষ্ট কৰিছে পৰিৱেশ ৷ যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল ৷

লগতে পঢ়ক :উত্তৰাখণ্ডৰ জলপ্ৰলয়:মানুহৰ হস্তক্ষেপ বৃদ্ধিয়ে বানপানীৰ সৃষ্টি কৰিছে

ABOUT THE AUTHOR

...view details