মৰিগাঁও, 10 ডিচেম্বৰ:ব্ৰইলাৰৰ অৱশিষ্ট কঢ়িয়াই অনা বাহন জব্দ ৷ জাগীৰোডতগুৱাহাটী আৰু শ্বিলঙৰ পৰা ব্ৰইলাৰৰ অৱশিষ্ট কঢ়িয়াই অনা বাহন চাৰিখন জব্দ কৰা হয় ৷
অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা এক অসাধু চক্ৰই ব্ৰইলাৰৰ পেলনীয়া সমূহ মাছৰ খাদ্য হিচাপে প্ৰয়োগ কৰি আহিছে ৷ জানিব পৰা মতে এই অসাধু চক্ৰই গুৱাহাটী, খানাপাৰা আৰু শ্বিলঙৰ বিভিন্ন ঠাইৰ পৰা এই পেলনীয়া অৱশিষ্ট বোৰ মাছৰ খাদ্য হিচাপে যোগান দি আহিছে ৷