মৰিগাঁও, 12 ছেপ্টেম্বৰ : মৰিগাঁৱত আসামিজ চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান । শনিবাৰে মৰিগাঁও জিলা মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি বজাৰ এলেকাৰ পৰা চাৰিজন তীৰ বুকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । নগদ 2,545 টকা আৰু তীৰৰ টিকট জব্দ কৰিবলৈ সক্ষম হয় বুকী কেইজনৰ পৰা ।
মৰিগাঁৱত আটক চাৰিটাকৈ তীৰৰ বুকী
জালুগুটি বজাৰ এলেকাৰ পৰা চাৰিজন তীৰ বুকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । নগদ 2,545 টকা আৰু তীৰৰ টিকট জব্দ কৰিবলৈ সক্ষম হয় বুকী কেইজনৰ পৰা ।
gambling
দীৰ্ঘ দিন ধৰি তীৰ কেলৰ সৈতে জড়িত হৈ আছিল এই চাৰি তীৰ বুকী । বুকীকেইটাৰ নাম ৰোহন মজুমদাৰ, মিলন আলী, দিলীপ ডেকা আৰু তাজিমুদ্দিন ।ইতিমধ্যে চাৰিওকে মিকিৰভেটা আৰক্ষীয়ে 382/20/U/S ,14/15 AGBA আইনৰ অধীনত এক গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে । মনকৰিবলগীয়া যে বহু বছৰ ধৰি নিষিদ্ধ তীৰৰ লগত জড়িত হৈ সামাজিক পৰিৱেশৰ বিনষ্ট কৰি একাধিক বাৰ গ্ৰেপ্তাৰ হৈ পুনৰ তীৰখেল চলাই গৈছিল এই বুকীকেইটাই ।
লগতে পঢ়ক : মৰিগাঁও জিলাত শীঘ্ৰেই স্থাপন হ'ব ষাঠিটা নতুন আধাৰ কাৰ্ড আবেদন কেন্দ্ৰ