অসম

assam

ETV Bharat / state

Volleyball training in Morigaon: মৰিগাঁৱৰ চিকাবড়ীত চাৰি বিদেশী প্ৰশিক্ষকৰে মত বিনিময় ভলীবল খেলুৱৈৰ - Khelo India Youth Games

ভাৰতৰ ভলীবল সন্থাৰ দ্বাৰা স্বীকৃত আৰু অসম ভলীবল সন্থাৰ তত্বাৱধানত অসমৰ গাঁৱে-ভূঁঞে আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ ভলীবল লীগ-3 ৰ প্ৰশিক্ষণ । ইয়াৰ অংশ হিচাপে মৰিগাঁও জিলাৰ 8 টাকৈ কেন্দ্ৰত আৰম্ভ হৈছে ভলীবলৰ প্ৰশিক্ষণ । জিলাখনৰ অতিকৈ পিছপৰা চিকাবড়ী নামৰ গাঁওখনতো আৰম্ভ হৈছে ভলীবলৰ প্ৰশিক্ষণ ৷ ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য(Abhijeet Bhattacharya Volleyball player) সহ নেদাৰলেণ্ড আৰু হলেণ্ডৰ পৰা অহা এটা চাৰিজনীয়া প্ৰশিক্ষকৰ এটি দল সোমবাৰে উপস্থিত হয় গাঁওখনত ৷

volleyball training in morigaon
মৰিগাঁৱত বিদেশী প্ৰশিক্ষকৰে মত বিনিময় ভলীবল খেলুৱৈৰ

By

Published : Mar 8, 2023, 2:15 PM IST

মৰিগাঁও, 8 মাৰ্চ: ভলীবল খেলক অসমৰ প্ৰতিখন গাঁৱলৈ নিয়াৰ প্ৰচেষ্টাৰ অংশ হিচাপে অসমত অনুষ্ঠিত হৈ আহিছে ব্ৰহ্মপুত্ৰ ভলীবল লীগ (Brahmaputra Volleyball League BVL) ৷ মূলতঃ ৰাজ্যখনৰ গাঁও অঞ্চলৰ ভলীবলৰ প্ৰতিভাসমূহক চিনাক্ত কৰা আৰু আগ্ৰহীসকলক ভলীবলৰ প্ৰশিক্ষণ দিয়াৰ উদ্দ্যেশৰে অনুষ্ঠিত হয় এই লীগ ৷ ভাৰতৰ ভলীবল সন্থাৰ(Volleyball Fedaration of India) দ্বাৰা স্বীকৃত আৰু অসম ভলীবল সন্থাৰ(Assam Volleyball Association) তত্বাৱধানত অসমৰ গাঁৱে-ভূঁঞে আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ ভলীবল লীগ-3 ৰ প্ৰশিক্ষণ । ইয়াৰ অংশ হিচাপে মৰিগাঁও জিলাৰ 8 টাকৈ কেন্দ্ৰত আৰম্ভ হৈছে ভলীবলৰ প্ৰশিক্ষণ । বিশেষকৈ জিলাখনৰ অতিকৈ পিছপৰা চিকাবড়ী নামৰ গাঁওখনত আৰম্ভ হৈছে ভলীবলৰ প্ৰশিক্ষণ(Volleyball training in Morigaon) ৷ গাঁওখনৰ প্ৰগতি ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত অঞ্চলটোৰ প্ৰায় 137 গৰাকী বিভিন্ন বয়সৰ ছোৱালী তথা মহিলা খেলুৱৈয়ে গ্ৰহণ কৰিছে ভলীবলৰ প্ৰশিক্ষণত ৷

মৰিগাঁৱৰ চিকাবড়ীত চাৰি বিদেশী ভলীবল খেলুৱৈ

কিন্ত প্ৰশিক্ষণ গ্ৰহণৰ বাবে প্ৰয়োজনীয় ভলীবল নেট্ ক্ৰয় কৰিবলৈ সমৰ্থ হোৱা নাছিল প্ৰশিক্ষাৰ্থী সকল । ফলত প্ৰশিক্ষণ বাধাগ্ৰস্ত হোৱাত গাঁওবাসী তথা অভিভাৱকসকলে নিজেই একে নিশাৰ ভিতৰতে তৈয়াৰ কৰি উলিয়াইছিল এখন বিশেষ ভলীবলৰ নেট্ ৷ সেই খবৰ তথা ভিডিঅ ফুটেজে আন্তঃৰাষ্ট্ৰীয় ভলীবল সংস্থাত খলকনি তুলিছিল । ইয়াৰ পাছতেই সুদূৰ নেদাৰলেণ্ড আৰু হলেণ্ডৰ পৰা পুৰুষ -মহিলাসহ চাৰিজনীয়া ভলীবল খেলুৱৈ তথা প্ৰশিক্ষকৰ এটি দল সোমবাৰে উপস্থিত হয় গাঁওখনত ৷ লগতে দলটোক নেতৃত্ব দি গাঁওখনত উপস্থিত হয় ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক, ভলীবল খেলুৱৈ তথা অসমৰ সু-সন্তান অভিজিৎ ভট্টাচাৰ্য(Abhijeet Bhattacharya Volleyball player)।

মৰিগাঁৱৰ চিকাবড়ীত চাৰি বিদেশী ভলীবল খেলুৱৈ

অভিজিৎ ভট্টাচাৰ্যসহ বিদেশী খেলুৱৈসকল গাৱঁত উপস্থিত হোৱাৰ পিছতেই গায়ন-বায়নেৰে গাঁওবাসীয়ে আদৰণি জনায় ৷ অসয়ীয়াৰ আখল তথা জুহালৰ পিঠা-পনাৰ জুতি লৈ আপ্লুত হৈ পৰে বিদেশী ক্ৰীড়া সংগঠক সকল । আনহাতে বিদেশী ক্ৰীড়া সংগঠক তথা প্ৰশিক্ষকসকলৰ সৈতে মত বিনিময় কৰি আত্মহাৰা হৈ পৰে প্ৰশিক্ষাৰ্থী সকল । প্ৰশিক্ষাৰ্থী সকলৰে মত বিনিময় কৰি গাঁৱৰ ৰাইজক ভূয়সী প্ৰশংসা কৰে প্ৰশিক্ষকসকলে । তেওঁলোকে কয় যে গাঁৱৰ পৰিৱেশৰ পৰাই বিশ্বৰ ভালেকেইজন প্ৰখ্যাত ভলীবল খেলুৱৈৰ সৃষ্টি হৈছে ৷ গাঁৱৰ জীৱন আৰু গাঁৱৰ পৰিৱেশ তেওঁলোকৰ প্ৰিয় আৰু প্ৰশিক্ষাৰ্থী সকলৰ বাবে গাঁওবাসীয়ে যি কৰিছে সেয়া প্ৰকৃততে অতি সুন্দৰ বুলি মন্তব্য কৰে বিদেশী ক্ৰীড়া সংগঠক সকলে ৷ গাঁৱৰ ৰাইজৰ সহযোগিতা আৰু সন্মান অতিকৈ আদৰণীয় বুলিও মন্তব্য কৰে তেওঁলোকে ৷

উল্লেখযোগ্য যে, সুদক্ষ ভলীবল খেলুৱৈ অভিজিৎ ভট্টাচাৰ্য ভাৰতীয় ৰাষ্টীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক । সক্রিয় ক্ৰীড়াৰ পৰা অৱসৰৰ পিছত, অভিজিৎ ভট্টাচাৰ্যই ৰেঙণি যুৱ ক্ৰীড়া ফাউণ্ডেচন আৰু অসম ভলীবল মিছন ১০০ প্ৰতিষ্ঠা কৰে, যাৰ জৰিয়তে অসমৰ গ্ৰাম্য অঞ্চলৰ ৮০০০ৰো অধিক যুৱক-যুৱতীক ভলীবলৰ সৈতে পৰিচয় কৰাই দিয়া হয় । তেওঁ এজন ভলীবল প্ৰশিক্ষকৰ লগতে খেলো ইণ্ডিয়াৰ Talent Screening Committee ৰো সদস্য(Khelo India Youth Games)।

লগতে পঢ়ক: Holi Celebration in Majuli: চাৰিশ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ বিভিন্ন সত্ৰত বোকা খেল

ABOUT THE AUTHOR

...view details