অসম

assam

ETV Bharat / state

মৰিগাঁৱত আটক চাৰি চাইবাৰ অপৰাধী

শনিবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰ জালত পৰে চাৰি চাইবাৰ অপৰাধী । অপৰাধী কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বহু আপত্তিজনক নথি-পত্ৰ ৷

মৰিগাঁৱত আটক চাৰি চাইবাৰ অপৰাধী
মৰিগাঁৱত আটক চাৰি চাইবাৰ অপৰাধী

By

Published : Jun 19, 2021, 4:46 PM IST

Updated : Jun 19, 2021, 5:38 PM IST

মৰিগাঁও,19 জুন : ক্ৰমান্বয়ে মৰিগাঁও পৰ্যবসিত হৈছে অপৰাধৰ মূল কেন্দ্ৰলৈ ৷ শেহতীয়াকৈ মৰিগাঁও জিলাৰ চাইবাৰ অপৰাধ জগতৰ অন্যতম বাটকটীয়া ভূৰাগাঁৱৰ ছাদ্দাম হুছেইন ওৰফে বাদল আৰু সহযোগী মুচকুল ইছলাম আটক কৰাৰ পাচতে শনিবাৰে পুনৰ আন চাৰি গৰাকী চাইবাৰ অপৰাধীক আটক কৰা হয় ৷ লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লাহৰীঘাটৰ নগাবান্ধা গাঁৱৰ পৰা বহু আপত্তিজনক সামগ্ৰীৰ চাইবাৰ অপৰাধী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অপৰাধী কেইজন হৈছে গৰৈমাৰী গাঁৱৰ ৰাজিবুল ইছলাম (২৭) , ইনজামুল হক (২১), ৰাকিব আলম (২১), ছফিকুল ইছলাম (৩২)।

ধৃত অপৰাধী কেইজনৰ পৰা আৰক্ষীয়ে বেংক পাচবুক, ছিম কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, এএটিএম আৰু ম’বাইল জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি লাহৰীঘাট আৰক্ষীয়ে ৩৫৫/২১ US ১২০(B)৪১৯/৪২০/৪৬৮/৪৭১/৪০৯ IPC, R/W Sec.৬৬(C) ৬৬ (D)IT Act ৰ অধীনত গোচৰ ৰুজু কৰি চাৰি অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, এই চাইবাৰ অপৰাধী দলটোৰ নেতৃত্বত সমগ্ৰ লাহৰীঘাট অঞ্চলৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন স্থানত বহু অনৈতিক কাৰ্য চলি আছিল ৷

মৰিগাঁৱত আটক চাৰি চাইবাৰ অপৰাধী

যোৱা 27 আগষ্টত মৈৰাবাৰী আৰক্ষীয়ে ভূৰাগাঁৱৰ পৰা ছাদ্দাম হুছেইন ওৰফে বাদল আৰু সহযোগী মুচকুল ইছলাম আটক কৰে ৷ এই দুই অপৰাধীৰ সৈতে আন ১৫ জনক অপৰাধীকো আটক কৰিবলৈ সক্ষম হৈছিল আৰক্ষী । আনহাতে, পলাতক অৱস্থাত আছিল অপৰাধ জগতৰে জড়িত বহু ৰথী-মহাৰথী । শনিবাৰে লাহৰীঘাট আৰক্ষীয়ে অভিযান চলাই লাহৰীঘাটৰ নগাবান্ধা গাঁৱৰ পৰা অপৰাধী কেইজনক আটক কৰিবলৈ সক্ষম হয় ৷

স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, প্ৰতিদিনে মৰিগাঁও জিলাত সংঘটিত হৈ আহিছে বহু অপৰাধজনিত তথা বহু অনৈতিক কাৰ্য-কলাপ ৷ আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও কোনো সুফল দিয়া নাই বুলি মন্তব্য কৰে গাঁওবাসীয়ে ৷ যাৰ বাবে আৰক্ষীক এই ক্ষেত্ৰত আৰু অধিক সতৰ্ক হৈ অপৰাধ ৰোধৰ বাবে কাম কৰিবলৈ আহ্বান জনায় লাহৰীঘাটবাসীয়ে ৷

অন্য এক খবৰৰ বাবে:জনতা ভৱনত পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন

Last Updated : Jun 19, 2021, 5:38 PM IST

ABOUT THE AUTHOR

...view details