অসম

assam

ETV Bharat / state

মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষৰ কৰ'ণাত মৃত্যু - গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় প্ৰাক্তন উপাধ্যক্ষগৰাকীৰ

কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড৹ বুদ্ধেশ্বৰ কলিতাৰ । শনিবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় প্ৰাক্তন উপাধ্যক্ষ গৰাকীৰ ।

কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ
কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ

By

Published : Apr 25, 2021, 12:25 PM IST

মৰিগাঁও,২৫ এপ্ৰিল: কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড৹ বুদ্ধেশ্বৰ কলিতাৰ । শনিবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটে প্ৰাক্তন উপাধ্যক্ষ গৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ । কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে প্ৰাক্তন উপাধ্যক্ষ গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । অৱশেষত ক'ভিড মহামাৰীৰে যুঁজি মৃত্যুৰে হাৰ মানে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ গৰাকীয়ে ৷

মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষৰ কৰ'ণাত মৃত্যু

ড৹ বুদ্ধেশ্বৰ কলিতাৰ মৃত্যুৰ বাতৰিয়ে মৰিগাঁও চহৰত শোকৰ ছাঁ পেলাইছে । তেওঁ একেধাৰে শিক্ষাবিদ, সমাজকৰ্মী, সমাজ সংগঠক ৰূপে বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল । ড৹ কলিতাই মৰিগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰাক্তন উপাধ্যক্ষৰূপে অৱসৰ লৈ পুনৰ মহাবিদ্যালয়খনৰ প্ৰাণী বিভাগৰ স্নাতকোত্তৰ শাখাৰ তত্বাৱধায়কৰূপে সেৱা আগবঢ়োৱাৰ উপৰিও অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত হৈ মৃত্যুৰ আগলৈকে সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । সদ্য প্ৰয়াত ড৹ কলিতাৰ নশ্বৰদেহ মৰিগাঁও মহাবিদ্যালয়লৈ নিয়াৰ পিছত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক: বাক্সাত হোমযজ্ঞ স্থগিত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details