অসম

assam

By

Published : Sep 28, 2020, 9:25 AM IST

Updated : Sep 28, 2020, 10:36 AM IST

ETV Bharat / state

মৰিগাঁৱত অসম গণ পৰিষদ দলৰ 41 জনীয়া সমিতি গঠন

দেওবাৰে মৰিগাঁও জিলাৰ 81 নং লাহৰীঘাট বিধান সভা সমষ্টিত অসম গণ পৰিষদ দলে এখন সভা অনুষ্ঠিত কৰি 41 জনীয়া এখন সমিতি গঠন কৰে ৷ বিধানসভা সমষ্টিটোত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে গঠন কৰা হয় ৷

morigaon AGP  meeting
মৰিগাঁৱত অসম গণ পৰিষদ দলৰ 41 জনীয়া সমিতি গঠন

মৰিগাওঁ, 28ছেপ্টেম্বৰ: আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত আৰম্ভ হৈছে কুচকাৱাজ ৷ দেওবাৰে মৰিগাঁও জিলাৰ 81 নং লাহৰীঘাট বিধান সভা সমষ্টিত আঞ্চলিকতাবাদী দল অসম গণ পৰিষদ দলেও আৰম্ভ কৰে কুচকাৱাজ ৷ দলটোৱে লাহৰীঘাট উন্নয়ন খণ্ডৰ ৰাজহুৱা সভাগৃহত অনুষ্ঠিত কৰে এখন সভা ৷ লাহৰীঘাট বিধান পৰিষদ সমিতিৰ সভাপতি গুলজাৰ হোছেইনে পৌৰোহিত্য কৰা সভাখনত বিধান সভা সমষ্টিটোৰ যুৱ পৰিষদৰ এখন সমিতি গঠন কৰা হয় ৷ সমষ্টিটোৰ 24 খন গাঁও পঞ্চায়ত যুৱকসকলক লৈ গঠন হোৱা সমিতিখনৰ আবু ছামাদক সভাপতি আৰু এমৰাণ হোছেইনক কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় ।

ইয়াৰ বিপৰীতে গোলাম কবিৰ আৰু আজিবুৰ ৰহমানক সম্পাদক ৰূপে নিৰ্বাচন কৰা হয় ৷ সমিতি খনত মুঠ 41 জন সদস্যক অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰকাশ কৰে অসম গণ পৰিষদৰ দলৰ সদস্যসকলে ৷ সমষ্টিটোত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে গঠন কৰা হয় সমিতিখন ৷

অন্য এক খবৰৰ বাবে:বাঢ়নি পানীয়ে উটোৱাই নিলে মাজুলীৰ শালমৰা-বনগাঁও সংযোগী দলং

Last Updated : Sep 28, 2020, 10:36 AM IST

ABOUT THE AUTHOR

...view details