মৰিগাঁও, 12 ছেপ্তেম্বৰ : কেৰীটাছ ইণ্ডিয়া,কেৰ্ফড,গুৱাহাটী গণসেৱা চ'ছাইটিছৰ যুটীয়া উদ্যোগত মৰিগাঁও মায়ং ৰাজহ চক্ৰৰ শুকুতিপোতা,আফুখুন্দা, ভৰালটোপ,গভুৰাটোপ আদি 16 খন গাঁৱত সাহাৰ্য বিতৰণ । ইয়াৰে বিশেষ স্বচ্ছতাৰ বাবে 500 টা পৰিয়ালক দুটাকৈ বাল্টি,চাৰ্ফ,চাবোন,ফেনাইল,ডেটল, মহখেদাধূপ,ব্লিচিং পাউদাৰ,যোগান ধৰা হয় ।
মৰিগাঁৱত কেথলিক স্বেচ্ছাসেৱী সংস্থাৰ বানাক্ৰান্ত পৰিয়ালক সাহাৰ্য - মৰিগাঁও মায়ং ৰাজহ চক্ৰ
মৰিগাঁৱত কেথলিক স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰা 1450 টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ সাহাৰ্য ৷ আনহাতে 300 টা পৰিয়াললৈ এককালীন সাহাৰ্য প্ৰদান ৷

আনহাতে অঞ্চলটোত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা 300 টা পৰিয়ালক বেংকৰ যোগেদি পুনৰ সংস্থাপনৰ বাবে 3800 টকাকৈ নগদ ধন প্ৰদান কৰা হয় । এই অনুষ্ঠানত গুৱাহাটীৰ গণসেৱা চ'ছাইটি,কেৰীইণ্ডিয়া,কেৰ্ফড আদি স্বেচ্ছাসেৱী সংগঠনৰ কেইটা বিশেষকৈ কেৰীটাছ ইণ্ডিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ মাণ্ডলিক প্ৰৱন্ধক জুনাচ লাক্ৰা,গুৱাহাটীৰ গণসেৱা চছাইটৰ সমন্বয়ক প্ৰবীণ মিঞ্জ,চিছটাৰ চেলভিয়া,জৰিতা মনচাং সচিদানন্দ বৰদলৈ,অৰূপজ্যোতি ডেকা,গৌৰৱ তালুকদাৰ, শিতিশ ৰয়,আৰু শিক্ষা গোস্বামী আদি বহুকেইজন আগশাৰীৰ স্বেচ্ছাসেৱী উপস্থিত থাকি এই কাৰ্যসূচী ৰূপায়ণ কৰে ।
লগতে চাওক-বিপিএফে প্ৰলোভনৰ ৰাজনীতি নহয়,উন্নয়নৰ ৰাজনীতি কৰিছে : গণেশ কছাৰী