মৰিগাঁও, 16 জুলাই :সাতদিনৰ পাছতো চৰকাৰী বান সাহাৰ্যৰ পৰা বঞ্চিত মৰিগাঁৱৰ বন্যাৰ্ত । কাৰ্যত জিলাখনৰ মায়ং,পকৰীয়া,মনহা,ঘগুৱা আদিকে ধৰি মায়ং ৰাজহ চক্ৰৰ ১৯০ খন ৰাজহ গাঁৱৰ দুই লক্ষাধিক বানাক্ৰান্তই লাভ কৰা নাই চৰকাৰী বান সাহাৰ্য ।
ইয়াৰ মাজতে বৃহস্পতিবাৰে মায়ঙৰ বানাক্ৰান্তলৈ সাহাৰ্য আগবঢ়ালে প্ৰাক্তন মায়ং জিলা পৰিষদৰ সদস্য,অনুসূচীত জাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ তথা সমাজ সেৱক স্বপন কুমাৰ মণ্ডলে । পুৱাৰ ভাগত ঝাৰগাঁও বজাৰৰ পাৰ ঘাটৰ পৰা ভুতভুতী নাৱেৰে বন্যাৰ্তৰ মাজত উপস্থিত হয় মণ্ডল ৷ মদনবড়ী, গাগলমাৰি, আলিচিগা,বঙালমাৰা,ঘগুৱা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা মনহা মৌজাৰ দুহেজাৰ বন্যাৰ্তক খাদ্য সম্ভাৰ প্ৰদান কৰে মণ্ডলে ৷