মৰিগাঁও,21মে': লক ডাউনৰ মাজতে অব্যাহত আছে কণী যুক্ত মাছৰ নিধন যজ্ঞ ৷ এই ঘটনা সংঘটিত হৈছে মৰিগাঁৱত ৷ মৰিগাঁৱৰ বিভিন্ন বিল-খাল,জলাশয়ত অবৈধভাৱে চলিছে মৎস্য চিকাৰ। থলুৱা মাছৰ বংশ বৃদ্ধিত বিধি-পথালি দিয়া একাংশ মৎস্য ব্যৱসায়ীক লৈ কিন্তু নিৰ্বিকাৰ শাসকীয় দলৰ স্থানীয় বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী ৷ একপ্ৰকাৰ যেন নিধিৰাম চৰ্ডাৰৰ ভূমিকা পালন কৰিছে বিধায়কগৰাকীয়ে ৷ যাৰ সুযোগ লৈ মীন আইনক বৃদ্ধাংগুষ্ট প্ৰদৰ্শনেৰে মৰিগাঁৱৰ সোণডোবা,পাভকাটি আৰু মৰিবিল বিলত দিনে নিশাই অব্যাহত আছে মাছমৰীয়া তথা মৎস্য ব্যৱসায়ীৰ দৌৰাত্ম্য৷ইপিনে স্থানীয় লোকৰ অভিযোগ,শাসকীয় দলৰ বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীৰ ঘনিষ্ঠ জনৈক দাস উপাধিৰ লোকজনৰ পৃষ্ঠপোষকতাতে এইদৰে অবৈধ মৎস্য চিকাৰ কৰি আহিছে একাংশ দুষ্ট চক্ৰই ৷
মৰিগাঁৱত অবৈধভাৱে চলিছে মৎস্য চিকাৰঃনিৰ্বিকাৰ বিধায়ক ৰমাকান্ত দেউৰী - অসম মীন উন্নয়ন নিগম
মীন আইনক বৃদ্ধাংগুষ্ট প্ৰদৰ্শনেৰে মৰিগাঁৱৰ সোণডোবা,পাভকাটি আৰু মৰিবিল বিলত দিনে নিশাই অব্যাহত আছে মাছমৰীয়া তথা মৎস্য ব্যৱসায়ীৰ দৌৰাত্ম্য৷ইপিনে স্থানীয় লোকৰ অভিযোগ,শাসকীয় দলৰ বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীৰ ঘনিষ্ঠ জনৈক দাস উপাধিৰ লোকজনৰ ছত্ৰছাঁয়াতে এইদৰে অবৈধ মৎস্য চিকাৰ কৰি আহিছে একাংশ দুষ্ট চক্ৰই ৷

মৰিগাঁৱত অবৈধভাৱে চলিছে মৎস্য চিকাৰঃনিৰ্বিকাৰ বিধায়ক ৰমাকান্ত দেউৰী
মৰিগাঁৱত অবৈধভাৱে চলিছে মৎস্য চিকাৰঃনিৰ্বিকাৰ বিধায়ক ৰমাকান্ত দেউৰী
আনহাতে এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা অধ্যক্ষ গৰাকীক গৰিহণা দিয়াৰ লগতে চৰকাৰক তদন্তৰো দাবী কৰিছে স্থানীয় ৰাইজে৷