মৰিগাঁও,17 জুন: প্ৰাক্তন আছু আৰু বৰ্তমানৰ আছু কৰ্মীৰ মাজত বাকযুদ্ধই লৈছে তীব্ৰ ৰূপ ৷ সামাজিক মাধ্যমত চলি আছে বাকযুদ্ধ ৷ এইবাৰ সামাজিক মাধ্যম এৰি সংবাদ মাধ্যম পালেহি বিষয়টো ৷ প্ৰাক্তন আছু আৰু বৰ্তমানৰ আছু বাকযুদ্ধৰ সন্দৰ্ভত মুখ খুলিলে আছু’ৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে ৷ ‘‘অসাধু কোন, সাধু কোন এয়া ৰাইজে ঠিক কৰিব ৷ মাতৃ সংগঠন গতিকে মুখ খুলিব বিচৰা নাই ৷ আছু মোৰ মাতৃ সংগঠন ৷ বেছি নকওঁ ৷ তেওঁলোকে বহু কিবা কিবি কৈ আছে ৷ মই আহ্বান জনালোঁ -আছু’ৰ পেজত বা ফেচবুক একাউন্টৰ তলৰ কমেণ্টবোৰ আছুৰ কৰ্মীয়ে চাওঁক ৷ সেইবোৰ ঠিক কৰক ৷ কোন সাধু ,কোন অসাধু গম পাওঁক । আমি সেইবোৰ চালে লাজ পাওঁ ৷ গণতান্ত্ৰিক দেশত সংগঠন জন্ম দিয়াৰ অধিকাৰ সকলোৰে আছে ৷ আমি প্ৰাক্তন আছুসকল লগ হৈ অৰ্থনৈতিক আন্দোলন কৰিব বিচাৰিছো ৷ ৰাজনৈতিক আন্দোলন কৰিব বিচৰা নাই ৷’’
শনিবাৰে মৰিগাঁৱত এই মন্তব্য আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ৰ ৷ সদৌ মৰিগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত উজলি উঠা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান । মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত পৌৰহিত্য কৰে সদৌ মৰিগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ধন্তি ডেকাই । অনুষ্ঠানত সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনাই ।