মৰিগাঁও, ১৯ জুন:মৰিগাঁও জিলা আৰক্ষী বিভাগত কৰ্মৰত আৰক্ষী বিষয়া-কৰ্মচাৰীৰ ১৮ গৰাকীকৈ সন্তান তথা ছাত্ৰ -ছাত্ৰীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাত তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । দেওবাৰে বিয়লি আৰক্ষী বিভাগৰ দ্বাৰা মূল্যবান গ্ৰন্থৰ টোপোলা,গামোচা,শৰাই,প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । মৰিগাঁও জিলা আৰক্ষী বিভাগৰ উদ্যোগত জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত এই বিশেষ সম্বৰ্ধনা তথা আদৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই ।
মৰিগাঁও আৰক্ষী ছাউনীৰ সভাকক্ষত জিলাখনৰ আৰক্ষী বিষয়া,আৰক্ষীৰ ১৮গৰাকী পুত্ৰ-কন্যা তথা কৃতি ছাত্ৰ-ছাত্ৰীক জনোৱা হয় আদৰণি । এই কাৰ্যসূচীত উপস্থিত থাকি উপায়ুক্ত দেবাশীষ শৰ্মাই আৰক্ষীৰ সতি-সন্ততিসকলৰ এই ঈৰ্ষণীয় ফলাফলত তেওঁ অতিশয় আনন্দিত হোৱা বুলি কয় । উপায়ুক্তগৰাকীয়ে আৰক্ষীৰ দলে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাত দিনে নিশাই সেৱাত ব্ৰতী হোৱাৰ পিছতো তেওঁলোকৰ সন্তানে এনে ফলাফল প্ৰদৰ্শন কৰা বাবে আৰক্ষীৰূপী অভিভাৱক অভিভাৱিকাক কৃতজ্ঞতা জ্ঞাপন কৰে ।
ইফালে, এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আৰক্ষী বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা কুৰিগৰাকী আৰক্ষী বিষয়া কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানত মৰিগাঁও নাগৰিক সমিতিৰ সভাপতি,সম্পাদক,গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াই অংশ গ্ৰহণ কৰে ।