অসম

assam

ETV Bharat / state

মৰিগাঁৱত শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলি - পৰাগ কুমাৰ দাসৰ 24 সংখ্যক মৃত্যু বাৰ্ষিকী

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আৰু জিলা মিডিয়া ক্লাৱ মৰিগাঁৱৰ উদ্যোগত নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ 24 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷

Fearless journalist Porag kumar Das remembered in Morigaon
মৰিগাঁৱত শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলি

By

Published : May 17, 2020, 7:23 PM IST

মৰিগাঁও, 17 মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আৰু জিলা মিডিয়া ক্লাৱ মৰিগাঁৱৰ উদ্যোগত নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ 24 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ৷ লক ডাউনৰ মাজতে দেওবাৰে পুৱা ভাগত মৰিগাঁও জিলা মিডিয়া ক্লাৱ আৰু পৰাগ নিকেতনৰ প্ৰাংগণত বন্তি প্ৰজ্বলন কৰি প্ৰয়াত নিৰ্ভীক সাংবাদিক গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই ৷ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতি মুখ্য উপদেষ্টা বুবুমণি গোস্বামীয়ে ৷

মৰিগাঁৱত শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলি

শ্বহীদ সাংবাদিক গৰাকীৰ মৃত্যু তিথিত তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি বুবুমণি গোস্বামীয়ে কয় যে, ৰাজ্যৰ সাংবাদিক সকলৰ বাবে সদায় আৰ্দশ হৈ থাকিব আপোচবিহীন শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাস ৷ উল্লেখ্য যে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লয় জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ বিষয় ববীয়াৰ লগতে জিলা খনৰ বিভিন্ন প্ৰান্তৰৰ সাংবাদিক সকলে ৷

লগতো পঢ়কঃ গুৱাহাটীত অধ্যয়নৰত ছাত্ৰী ত্ৰিপুৰাত কোভিড-১৯ পজিটিভ

ABOUT THE AUTHOR

...view details