অসম

assam

ETV Bharat / state

বানৰ পিচত ঠন ধৰা ধাননি ডৰা দেখি উৎফুল্লিত মৰিগাঁৱৰ কৃষক - মৰিগাঁও জিলা

বানৰ পিচত ঠন ধৰি উঠা ধাননি পথাৰ চাই আনন্দত আত্মহাৰা হৈ পৰিছে মৰিগাঁৱৰ কৃষক ৷ বিভিন্ন ধৰণৰ শস্য সমূহ দেখি উৎফুল্লিত কৃষক ৷

Farmers of Marigaon are overjoyed to see the paddy being planted behind the flood
বানৰ পিচত ঠন ধৰা ধাননি ডৰা দেখি উৎফুল্লিত মৰিগাঁৱৰ কৃষক

By

Published : Oct 10, 2020, 4:29 PM IST

মৰিগাঁও, 10 অক্টোবৰ : বছৰৰ 4-5 টা বানত সৰ্বস্বান্ত হোৱা মৰিগাঁৱৰ কৃষকৰ মুখত শেহতীয়াকৈ কিছু আশাৰ ৰেঙণি দেখা পোৱা পৰিলক্ষিত হৈছে ৷ কিয়নো ঠন ধৰি উঠিছে কৃষকৰ সেউজীয়া সপোন ৷

বানৰ পিচত ঠন ধৰা ধাননি ডৰা দেখি উৎফুল্লিত মৰিগাঁৱৰ কৃষক

বিশেষকৈ মৰিগাঁও জিলাৰ বহু বছৰ চন পৰি থকা ওখ মাটিত এইবাৰ নিয়মীয়া বৰষুণৰ বাবে লহপহীয়া হৈছে চহা কৃষকৰ সপোন । যাৰ বাবে কৃষকসকল আনন্দিত হৈ পৰিছে ৷

বানৰ পিচত ঠন ধৰা ধাননি ডৰা দেখি উৎফুল্লিত মৰিগাঁৱৰ কৃষক

উল্লেখ্য যে, জিলাখনৰ কৃষকে চলিত বৰ্ষত বিভিন্ন ধৰণৰ খেতি কৰিছিল যদিও বানপানীৰ বাবে যথেষ্ট চিন্তিত হৈ পৰিছিল ৷ কিন্তু শেহতীয়াকৈ কৃষকৰ শস্য সমূহ ঠন ধৰি উঠাৰ বাবে কৃষক সকল আনন্দত আত্মহাৰা হৈ পৰিছে ৷

লগতে পঢ়ক :SI কেলেংকাৰীৰ আন এজন অভিযুক্তক আটক নলবাৰী আৰক্ষীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details