অসম

assam

By

Published : May 24, 2021, 5:45 PM IST

ETV Bharat / state

আংশিক লক ডাউন: পথাৰতে গেলিছে কৃষকৰ ফচল

আংশিক লক ডাউনৰ ফলত লাহৰীঘাটত কৃষকৰ বজাৰৰ অভাৱত জটিলতাৰ সন্মুখীন হৈছে কৃষকসকল ৷ কৃষি ভূমিতে নষ্ট হৈছে লাখ লাখ টকাৰ ফচল ।

LAHARIGHAT
আংশিক লক ডাউনঃ পথাৰতে গেলিছে কৃষকৰ ফচল

ধিং, ২৪ মে': বজাৰৰ অভাৱত খেতি-পথাৰতে গেলিছে শাক-পাচলি ৷ ক'ভিড-১৯ ৰ বাবে চৰকাৰে নতুন এচ অ’ পি ঘোষণা কৰাত সমস্যাত পৰিছে চহা-কৃষকসকলক । কৃষি ভূমিতে নষ্ট হৈছে লাখ লাখ টকাৰ ফচল । আংশিক লক ডাউনত নিৰ্দিষ্ট সময়ত বজাৰত পথাৰৰ শস্য বিক্ৰী কৰিব নোৱাৰাত পথাৰতে পচিব আৰম্ভ হৈছে । যাক লৈ চিন্তিত হৈ পৰিছে খেতিয়কসকল ।

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ গৰিবৰ শ-শ দৰিদ্ৰ কৃষকৰ এতিয়া আলাই-আথানি অৱস্থা । চৰকাৰৰ সহায়ৰ বাদে গত্যন্তৰ নাই পেটে-ভাটে জীৱন নিৰ্বাহ কৰা কৃষক ৰাইজৰ ।

আংশিক লক ডাউন: পথাৰতে গেলিছে কৃষকৰ ফচল

প্ৰতি বছৰে এই চৰৰ পৰা দৰং তথা লাহৰীঘাট, মৰিগাঁও আদি বিভিন্ন অঞ্চললৈ যায় শাক-পাচলিসমূহ । কিন্তু সম্প্ৰতি চৰত বিঘাই বিঘাই জলকীয়া খেতি পথাৰতে পচিবলৈ আৰম্ভ হৈছে । প্ৰতি বিঘা মাটিত ৭০ ৰ পৰা ৮০ হাজাৰ টকা খৰচ কৰি কৰা জলকীয়া খেতি ডৰা পচিবলৈ ধৰাত মূৰে কপালে হাত দিছে খেতিয়কসকলে ।

লগতে পঢ়ক: জাগীৰোড ষ্টেচনৰ পৰা পলাতক 32 যাত্ৰীৰ ক’ভিড পৰীক্ষা সম্পন্ন

ABOUT THE AUTHOR

...view details