মৰিগাঁও, 19 অক্টোবৰ :মৰিগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ দিন দুপৰতে মৰিগাঁৱত দিন ডকাইতিৰ ঘটনা ৷ ঘটনা অনুসৰি, মৰিগাঁও আৰক্ষীৰ থানাৰ অন্তৰ্গত বগৰীগুৰীৰ নিবাসী মৃদুল নাথ নামৰ ব্যক্তিজনে স্কুটীৰে গৈ আছিল ৷ তেনে অৱস্থাত বাইকত অহা দুৰ্বৃত্তই মৃদুলৰ মুখত স্প্ৰে মাৰি 5 লাখ 40 হাজাৰ টকা লুট কৰি নিয়ে ৷ সেনা বাহিনীত কৰ্মৰত মৃদুল নাথক পথৰ কাষত অচেতন অৱস্থাত প্ৰথমে প্ৰত্যক্ষ কৰিছিল ৰাইজে ৷ তাৰ পিচতে ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে নাথক ৷
ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷ আনহাতে উক্ত ঘটনাৰ 12 ঘন্টা নৌ-হওঁতে সমগ্ৰ ডকাইতিকাণ্ডৰ কথা পোহৰলৈ আহে ৷ ডকাইতিকাণ্ডৰ সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে আজি বিয়লিৰ ভাগত এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীয়ে বৰ্ণনা কৰে ৷ আৰক্ষীয়ে কয়, ‘‘আমাক ৰাইজে ডকাইতি হৈছে আৰু এজন ব্যক্তি অচেতন অৱস্থাত ৰাস্তাত পৰি আছে বুলি খবৰ দিলে ৷ ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ অচেতন অৱস্থাত থকা মৃদুলক উদ্ধাৰ কৰো ৷ পৰৱৰ্তী সময়ত চিকিৎসালয় ভৰ্তি কৰোৱা হয় নাথক ৷’’