মৰিগাঁৱত ১০৫ খন ছিম কাৰ্ডসহ দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ মৰিগাঁও, 23 জুলাই : ক্ৰমাৎ চাইবাৰ অপৰাধীৰ হাব হৈ পৰিছে মধ্য অসম ৷ এইবাৰ দেওবাৰে মৰিগাঁৱত দুই ছিম কাৰ্ড ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে । মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা দুই চাইবাৰ অপৰাধী ক্ৰমে আবেদ আলী আৰু চাইফুল ইছলাম বুলি জানিব পৰা গৈছে ৷
দুয়োৰে ঘৰ মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত ঝাৰগাঁৱত। দুই ছীম কাৰ্ড ব্যৱসায়ীৰ ঘৰত তালাচী চলাই অভিযানতকাৰী দলটোৱে বুজন পৰিমাণৰ ভুৱা ছিম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ্ভত দেওবাৰে মৰিগাঁও সদৰ আৰক্ষী থানাত সংবাদ মেল সম্বোধন কৰি মৰিগাঁও জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই আগন্তুক দিনত জিলাখনত অৰ্থনৈতিক অপৰাধ তথা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখোৱাৰ লগতে আইন অনুসৰি দোষীক শাস্তি প্ৰদান কৰাৰ বিষয়ে সদৰী কৰে।
তেওঁ লগতে কয় যে, জিলাখনৰ মৈৰাবাৰীত ১৫০০ ভুৱা ছিম কাৰ্ড জব্দ কৰি সংশ্লিষ্ট কোম্পানী সমূহলৈ পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছিল আৰু সেই পুনৰীক্ষণৰ ভিত্তিতে সংশ্লিষ্ট মোবাইল কোম্পানীসমূহেও আৰক্ষীক দাখিল কৰিছে ভুৱা ছিম কাৰ্ডৰ ব্যৱসায়ীৰ বিৰুদ্ধে এজাহাৰ । ইয়াৰ সমান্তৰালকৈ ভোডাফোন , এয়াৰটেলকে ধৰি বহু কেইটা মোবাইল কোম্পানীৰ বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰী সোধা-পোছা কৰাৰ লগতে জাগীৰোডৰ পৰা এজন মোবাইল কোম্পানী বিষয়াক গ্ৰেপ্তাৰ কৰে বুলি সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে ।
একেদৰে বিভিন্ন মানুহৰ নকল নথীপত্ৰ ফটো জমা দি ছিম কাৰ্ডৰ ক’লা বেহা কৰা কেইবাজনী ছিম কাৰ্ড ব্যৱসায়ীক ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে । আনহাতে মায়ঙৰ ঝাৰগাঁৱৰ এই দুই ছিম কাৰ্ডৰ কলা ব্যৱসায়ীৰ ঘৰত চলোৱা অভিযানত ১০৫ বিভিন্ন ব্যক্তিৰ ফটো সম্বলিত ছিম কাৰ্ড আৰু ৮০ খন পেন কাৰ্ডৰ, ৬০খন ভোটাৰ আই ডি, বিভিন্ন এপছৰ কিউ আৰ কোড, বেংক পাছবুক, এটি এম কাডৰ লগতে বহুতো আপত্তিজনক নথি পোৱা যায়।
লগতে পঢ়ক:Thieves Snatch IPS Cell Phone : গুৱাহাটীত অসুৰক্ষিত খোদ শীৰ্ষ আৰক্ষী বিষয়া!